বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ কোকৰাঝাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নতুন হিতাধিকাৰীক কার্ড প্রদান কৰি অৰুণোদয় কার্ড বিতৰণৰ প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে অৰুণোদয় ২.০ ৰ অধীনত ৭.৩০ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হব৷ ইয়াৰ ফলত অৰুণোদয়ৰ অধীনত মুঠ হিতাধিকাৰীৰ সংখ্যা ২৬ লাখ হব৷ কোকৰাঝাৰ জিলাত অৰুণোদয় ২.০ত মুঠ ২১ হাজাৰ নতুন হিতাধিকাৰীক সামৰি লোৱা হব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রত্যক্ষ লাভালাভ হস্তান্তৰ আঁচনিসমূহত দুর্বল শ্রেণীক অন্তর্ভুক্ত কৰাটো ৰাজ্য চৰকাৰৰ অগ্রাধিকাৰৰ বিষয়৷ ক্ষমতালৈ অহাৰ পিছত বর্তমানৰ ৰাজ্য চৰকাৰে আর্থিকভাৱে দুর্বল মহিলাসকলক অৰুণোদয়ৰ পৰিসৰৰ অধীনলৈ অনাৰ প্রতিশ্রুতি পূৰণ কৰিলে৷ তেওঁ লগতে কয় যে ২৬ লাখ মহিলাই প্রতিমাহৰ ১০ তাৰিখে ১২৫০ টকাকৈ তেওঁলোকৰ বেংক একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ লাভ কৰিব৷ তেওঁ লগতে কয় যে দৰিদ্রতাৰ পৰা উদ্ভৱ হোৱা জনসাধাৰণৰ সমস্যা দূৰ কৰাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই আঁচনিখন গ্রহণ কৰিছে৷ তেওঁ কয় যে চৰকাৰে অৰুণোদয় হিতাধিকাৰীৰ ধনৰাশিৰ পৰিমাণ বৃদ্ধি কৰিছে যাতে হিতাধিকাৰীসকলে তেওঁলোকৰ বিভিন্ন প্রয়োজনীয়তা পূৰণ কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অৰুণোদয় আঁচনিখনত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হব৷ অনাগত দিনত অৰুণোদয়ৰ তালিকাত আৰু ৫ লাখতকৈ অধিক হিতাধিকাৰীক সংযোজন কৰা হব বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিখন ৰাজ্যখনৰ সর্ববৃহৎ প্রত্যক্ষ পুঁজি হস্তান্তৰ আঁচনি ৷ ৰাজ্য চৰকাৰে জনসাধাৰণৰ উন্নয়নৰ বাবে লোৱা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা আলোকপাত কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰে সকলো শ্রেণীৰ জনসাধাৰণৰ সর্বাংগীন কল্যাণ সাধনৰ বাবে আৰু কিছু আঁচনি আৰম্ভ কৰিব৷ তেওঁ কয় যে ডাবল ইঞ্জিন চৰকাৰৰ বাবে ৰাজ্যখনত কল্যাণমূলক আঁচনিসমূহৰ পৰিসৰ বৃদ্ধি কৰাটো সম্ভৱ হৈ উঠিছে৷ তেওঁ কয় যে অহা কেইদিনমানৰ ভিতৰতে ৰাজ্য চৰকাৰে ছাত্রীসকলক চাইকেল বিতৰণ কৰাৰ লগতে অসম ক্ষুদ্র বিত্তীয় ঋণ ৰেহাই আঁচনিৰ অধীনত ঋণ ৰেহাই লাভ কৰা মহিলাসকলক প্রমাণপত্র প্রদান কৰিব৷ শান্তিৰ প্রতি দায়বদ্ধতা প্রদর্শন কৰা বিটিআৰ আৰু ইয়াৰ জনসাধাৰণক প্রশংসা কৰি মুখ্যমন্ত্রীয়ে কয় যে অঞ্চলটোত শান্তিপূর্ণ পৰিৱেশ বিৰাজ কৰা বাবেই চৰকাৰে এই অঞ্চলটো আৰু জনসাধাৰণৰ উন্নয়নৰ বাবে বহু আঁচনি হাতত লোৱাত সহায় কৰিছে৷ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, কেইবাগৰাকীও ই এম আৰু অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷
You might also like