আঞ্চলিকতাবাদ সবলীকৰণৰ ৩৮টা উজ্জ্বল বর্ষ
🔹 অতুল বৰা
সভাপতি, অসম গণ পৰিষদ
অসম গণ পৰিষদ দলে সুদীর্ঘ ৩৮টা বছৰ সম্পূর্ণ কৰি ৩৯ বছৰত খোজ দিলে৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ বিদেশী নাগৰিক বহিষ্কাৰৰ গণ আন্দোলনৰ ফলশ্রুতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল৷ আজিৰ এই পৱিত্র ক্ষণত পোনপ্রথমে ছবছৰীয়া অসম আন্দোলন তথা জাতীয় সংগ্রামত আত্মবলিদান দিয়া মহান বীৰ শ্বহীদসকললৈ সশ্রদ্ধ প্রণিপাত জনাইছোঁ৷ বিদেশী বহিষ্কৰণৰ দাবীত চাৰি দশক পূর্বে অসমৰ গণ আন্দোলনে ৰাজ্যখনৰ প্রতিজন খিলঞ্জীয়া লোকৰ মনত সুপ্ত হৈ থকা স্বাভিমান আৰু স্বাধিকাৰ সাব্যস্ত কৰাৰ ঐতিহাসিক ক্ষণত জন্ম হৈছিল অসম গণ পৰিষদৰ৷ অসম আন্দোলন প্রকৃততে অসমৰ জাতীয় জীৱন জাগ্রত কৰাৰ এক বিপ্লৱ আছিল৷ অসমৰ প্রতিজন লোকে এই আন্দোলনত জঁপিয়াই পৰিছিল আৰু প্রতিজন লোকৰ মাজত জাতীয়তাবাদ, আঞ্চলিকতাবাদৰ ভাবধাৰা জাগ্রত হৈছিল৷ শ্বহীদৰ ত্যাগ আৰু শত–সহস্র লোকৰ সংগ্রাম তথা ত্যাগৰ ফলত জন্ম হোৱা অসম গণ পৰিষদে এক দীঘলীয়া যাত্রা অতিক্রম কৰিলে৷ দলৰ মূল জন্মস্থান গোলাঘাট, এই গোলাঘাটতে ৩৯সংখ্যক প্রতিষ্ঠা দিৱসটি এইবাৰ আয়োজন কৰা হৈছে৷ অগপ দলৰ পতাকাৰ তলত আমি সমৱেত হৈ আকৌ আঞ্চলিকতাবাদ–জাতীয়তাবাদ শক্তিশালী কৰাৰ অংগীকাৰ গ্রহণ কৰিছোঁ৷ এইখিনিতে অসম আন্দোলনৰ পৰিৱেশ আৰু পৰৱর্তী সময়ত সৃষ্টি হোৱা ৰাজনৈতিক পৰিঘটনাবোৰক আমি পুনৰ ৰোমন্থন কৰিছোঁ৷ অসম আন্দোলনৰ সময়ছোৱাত তেতিয়াৰ কংগ্রেছ নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আন্দোলনকাৰীৰ ওপৰতেই নহয়, অসমৰ প্রতিবাদী জনতাৰ ওপৰত চলোৱা নির্যাতনৰ বাবেই প্রতিজন লোকৰ মাজত জাতীয়তাবাদৰ ভাব জাগৃত হৈছিল৷ অসমবাসীৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ ফলশ্রুতিতেই অসম আন্দোলনৰ ন্যায্য দাবী কেন্দ্রীয় চৰকাৰে মানি ল’বলৈ বাধ্য হৈছিল৷
অসম আন্দোলনৰ ফলশ্রুতিত সম্পাদিত অসম চুক্তিৰ পিছতেই গোলাঘাটত জন্ম হৈছিল অসম গণ পৰিষদৰ৷ ইয়াৰ পিছত গোলাঘাটত দ্বিতীয়বাৰৰ বাবে দলটোৰ প্রতিষ্ঠা দিৱস অনুষ্ঠিত হৈছিল৷ দল জন্ম হোৱাৰ পিছত বিভাজিত অসম গণ পৰিষদক ঐক্যবদ্ধ কৰাৰ বাবে দলটোৰ গোলাঘাটত অনুষ্ঠিত প্রতিষ্ঠা দিৱসত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হৈছিল৷ গোলাঘাট মোৰ গৃহভূমি৷ সেয়েহে দ্বিতীয়বাৰৰ বাবে দলৰ প্রতিষ্ঠা দিৱস আয়োজনক লৈ মই যথেষ্ট সুখী৷ গোলাঘাটৰ বাণিজ্য মহাবিদ্যালয়ত জন্ম হোৱা অসম গণ পৰিষদৰ লগত বাণিজ্য মহাবিদ্যালয়ৰ এক নিবিড় সম্পর্ক আছে৷ এইবাৰ বাণিজ্য মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ নির্বাচনত দলৰ ভাতৃ সংগঠন অসম ছাত্র পৰিষদৰ সমর্থিত ১৩গৰাকী প্রার্থী জয়যুক্ত হৈছে৷ ছাত্র–ছাত্রীৰ এনে সমর্থন তথা অসম গণ পৰিষদৰ প্রতি থকা বিশ্বাসে আমাৰ স্থিতি অতি দৃঢ় কৰিছে৷ কার্যতঃ আমি এটা নতুনত্ব দেখিবলৈ পাইছোঁ৷ অসম আন্দোলনৰ নেতৃত্ব দিছিল ছাত্র–ছাত্রীসকলে৷ ছাত্রৰ দ্বাৰাই ১৯৮৫ চনত চৰকাৰ গঠন হৈছিল৷ অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্র পৰিষদৰ জন্ম হৈছিল ২০১৯ চনৰ ২১ নৱেম্বৰত৷ সেই ছাত্র পৰিষদৰ এতিয়া পোখা মেলিছে৷ ৰাজ্যখনৰ বিভিন্ন স্তৰত কেইবাখনো শিক্ষানুষ্ঠানত ছাত্র পৰিষদৰ সাংগঠনিক দিশ শক্তিশালী হৈছে৷ শিক্ষানুষ্ঠানসমূহৰ ছাত্র একতা সভাৰ নির্বাচনত জয়ী হৈছে৷ আমি এই বিষয়টো উল্লেখ কৰিছোঁ যে দলত এতিয়া নতুন তেজৰ আমদানি হৈছে৷ নতুন তেজৰ আমদানিয়ে অনাগত দিনত যে অসম গণ পৰিষদক শক্তিশালী কৰিব সেয়া নিশ্চিত৷ দলৰ জন্মলগ্ণৰ এই শুভক্ষণত দলৰ প্রতিজনৰ ত্যাগ আৰু কষ্টক সুঁৱৰিছোঁ আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
অগপ দলৰ পতাকাখনৰ তাৎপর্য আজি পুনৰ বিশ্লেষণ কৰিব বিচাৰিছোঁ৷ পতাকাখনৰ ৰঙা ৰংটোৱে সংগ্রাম আৰু পৰিৱর্তনক বুজাইছে৷ মাজৰ শুভ্র ৰঙৰ অর্থ হ’ল নিকা সামাজিক জীৱনৰ দায়বদ্ধতা আৰু শান্তি৷ আনহাতে, নীলা ৰঙত নিহিত হৈ আছে সংগ্রামৰ বুনিয়াদ, পাহাৰ–ভৈয়ামৰ সকলো জনগোষ্ঠীৰ ঐক্যবাদ, শক্তি–সমৃদ্ধি৷ মাজৰ বগা অংশত থকা দলীয় প্রতীক হাতীৰ ছবিৰ অর্থ হ’ল– গণ ঐক্য, কর্তব্যনিষ্ঠা, স্থিৰতা, দূৰদৃষ্টি আৰু দুর্দমনীয় শক্তি৷ এই পতাকাখনক সাক্ষী কৰি আজিৰ পৱিত্র ক্ষণত আমি আকৌ এবাৰ সংকল্প লওঁ যে অনাগত দিনত ৰাজ্যৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ ধ্বজা সগৌৰৱেৰে উৰুৱাই আমি আগবাঢ়ি যাম৷ এই পৱিত্র ক্ষণত আজি পুনৰ এক দীঘলীয়া পৰিক্রমা অতিক্রম কৰা দলৰ অতীতক ঘূৰি চাব বিচাৰিছোঁ৷ ৩৮ বছৰ অতিক্রম কৰা অগপই বহু উত্থান, বিপর্যয়ৰ মুখামুখি হৈছোঁ৷ ৩৮টা বছৰ এক সংখ্যা হ’ব পাৰে৷ কিন্তু আমাৰ দৃষ্টিত অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদী দর্শনৰ ৩৮টা বছৰ৷ জাতীয়তাবাদ তেজত প্রৱাহিত হৈ থকা অসমৰ সংগ্রামী জনতাৰ আশা–ভৰসাৰ স্থল৷ সমগ্র দেশৰ ভিতৰতে অসম হৈছে আঞ্চলিক ৰাজনীতিৰ এক অভেদ্য দুর্গ৷ এই দুর্গ সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব অসমবাসী ৰাইজে অসম গণ পৰিষদৰ হাতত তুলি দিছে৷ এই কথা হূদয়ংগম কৰি আগন্তুক দিনত আমি প্রত্যেকেই দলটোক আগুৱাই নিব লাগিব৷ আঞ্চলিকতাবাদ সম্পর্কে ৰাজনৈতিক তত্ত্বই বহু কথা কৈছে৷ আমি নিজেও এটা দর্শন ধাৰণ কৰি দলৰ কাম–কাজ কৰি গৈছোঁ৷ মোৰ দৃষ্টিত আপোন ভূমিত থিয় হৈ, আপোন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, বিভিন্ন ধর্মাৱলম্বী লোকৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে অহর্নিশে চলাই যোৱা সংগ্রাম অথবা প্রচেষ্টাৰে অন্য নাম হৈছে আঞ্চলিকতাবাদ৷ অসম গণ পৰিষদ হৈছে আঞ্চলিকতাবাদৰ আয়ুস ৰেখা৷ এই আয়ুস ৰেখাডাল যিমানেই দীঘলীয়া আৰু শক্তিশালী হ’ব, সিমানেই অসম সুৰক্ষিত হ’ব৷ অগপৰ ইতিহাস উত্তৰণ আৰু বিপর্যয়ৰ ইতিহাস৷ ভাল দিন আৰু বেয়া দিনৰ, তিতা–মিঠাৰ ইতিহাস৷ ৩৮টা বছৰ দলটোৱে বিভিন্ন পৰিক্রমা, বিপর্যয় অতিক্রম কৰি আগবাঢ়ি গৈছে৷ বহুজনে দল এৰি আঁতৰি গ’ল, বহুজনে শীর্ষ দায়িত্বত থকাৰ পিছতো নিশাটোৰ ভিতৰতে নীতি–আদর্শক বিসর্জন দি অন্য দললৈ ধাৱমান হ’ল৷ কিন্তু এনেবোৰ বিপর্যয়ৰ পিছতো অসমৰ ৰাজনীতিত এক বটবৃক্ষ হিচাপে থিয় দি থাকিল অসম গণ পৰিষদ৷ এই বটবৃক্ষজোপাৰ শিপা হ’ল তৃণমূল কর্মীসকল৷ সেয়ে দুর্যোগপূর্ণ সময়ত আৰু হাজাৰ বিপদক নেওচিও অসম গণ পৰিষদক হূদয়ত স্থাপন কৰি আঁকোৱালি লোৱা অসমৰ প্রতিটো প্রান্তৰ তৃণমূল কর্মীসকলক আজিৰ দিনটোত বিশেষভাৱে শ্রদ্ধা জনাইছোঁ৷
অসম গণ পৰিষদে ৰাজ্যৰ ৰাজনীতিত এতিয়া গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে৷ বর্তমান দেশৰ ৰাজনীতি হ’ল মিত্রতাৰ ৰাজনীতি৷ অসম গণ পৰিষদে ভাৰতীয় জনতা পার্টীৰ লগত মিত্রতা কৰাটো নতুন কথা নহয়৷ পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতিত অসম গণ পৰিষদে মিত্রতাৰে চৰকাৰত আছে৷ তদুপৰি অসম গণ পৰিষদে যেতিয়া ক্ষমতাত আছিল তেতিয়াও ভাৰতীয় জনতা পার্টীৰ লগত মিত্রতা কৰা হৈছিল৷ ১৯৯৬ চনৰ কথা উনুকিয়াব বিচাৰিছোঁ৷ বহুতে এই মিত্রতাৰ কথা পাহৰিছে৷ সমালোচকসকলে ক’ব বিচাৰে যে দলৰ নতুন নেতৃত্বই ভাৰতীয় জনতা পার্টীৰ সৈতে মিত্রতাৰে দলক বিপর্যয়ৰ মুখলৈ ঠেলি দিছে৷ ৰাজনৈতিক মহলৰ ভু ৰখাসকলে এই মিত্রতা সম্পর্কে সকলো কথাই জানে৷ আমি যেতিয়া দলৰ নেতৃত্ব লৈছিলোঁ, এক সংকটপূর্ণ মুহূর্ত আছিল৷ এতিয়া দলটোৰ সাংগঠনিক ভেটিকে ধৰি দলটোৰ তৃণমূল পর্যায়ৰ গাঁথনি বহু শক্তিশালী হৈছে৷ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্রতি ৰাইজৰ আস্থা আৰু বিশ্বাস বৃদ্ধি হৈছে৷ অসম গণ পৰিষদৰ বিজেপিৰ স’তে মিত্রতা নতুন কথা নহয়৷ দলটো দ্বিতীয়বাৰৰ বাবে ১৯৯৬ত ক্ষমতালৈ অহাৰ পিছতে বিজেপিৰ স’তে মিত্রতা হৈছিল৷ কিন্তু ১৯৯৮ৰ লোকসভা নির্বাচনত আমি এখন আসনতো জয়যুক্ত হ’ব পৰা নাছিলোঁ৷ সেয়াই নহয়, ১৯৯৯ চনৰ নির্বাচনতো আমি বিপর্যয়ৰ সন্মুখীন হৈছিলোঁ৷ ঠিক তেনেদৰে ২০০১ চনত, ২০০৬ চনত আৰু ২০১১ চনতো অগপই নির্বাচনত পৰাজিত হৈ সংকটৰ সন্মুখীন হৈছিল৷
অসম আন্দোলনৰ প্রসংগত আন এটা দিশ উল্লেখ কৰিব বিচাৰিছোঁ৷ অসম আন্দোলনৰ লক্ষ্য আছিল অবৈধ বিদেশী বহিষ্কাৰ কৰা৷ বিদেশীৰ অবাধ প্রব্রজনে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ অস্তিত্বৰ প্রতি সৃষ্টি হোৱা ভাবুকিৰ বাবেই এই আন্দোলন গণ আন্দোলনত পৰিণত হৈছিল৷ কিন্তু আন্দোলনৰ মূল লক্ষ্যত এতিয়াও আমি এশ শতাংশ উপনীত হ’ব পৰা নাই৷ অৱশ্যে অগপৰ কার্যকালত অসমৰ উন্নয়নত বহু পৰিৱর্তন আহিছে৷ গেছ ক্রেকাৰেই হওক, নুমলীগড় শোধনাগাৰেই হওক, আইআইটিয়েই হওক, কেন্দ্রীয় বিশ্ববিদ্যালয়েই হওক, কেন্দ্রীয় চৰকাৰৰ পৰা ৯০ঃ১০ অনুদান আদায় আদি বিষয়বোৰ অসম আন্দোলনৰ ফল আছিল৷ মূল ইছ্যু বিদেশী বহিষ্কৰণৰ ক্ষেত্রত অগপই সন্মুখীন হৈছিল আন্তঃৰাষ্ট্রীয় বাধা, কেন্দ্রীয় চৰকাৰৰ বাধা আদি কাৰকে অগপক ব্যর্থতালৈ ঠেলি দিছিল৷ এটা কথা ঠিক– বিদেশী বহিষ্কৰণৰ আন্দোলন আৰু পৰৱর্তী সময়ত অসম গণ পৰিষদে গ্রহণ কৰা সবল স্থিতিৰ বাবেই অসমলৈ বিদেশীৰ অনুপ্রৱেশ বহু পৰিমাণে হ্রাস পাইছে৷ কিন্তু ইতিমধ্যে ৰাজ্যখনত থিতাপি লোৱা অনুপ্রৱেশকাৰীৰ অধিক জন্মৰ হাৰৰ বাবে অসমৰ জনগাঁথনিত ইয়াৰ প্রভাৱ প্রতিফলিত হৈছে৷ বিগত চাৰি দশকত অগপৰ দলে বিদেশী বহিষ্কৰণৰ ক্ষেত্রত কঠোৰ স্থিতি গ্রহণ নকৰাহেঁতেন একাংশ ৰাজনৈতিক দলে ভোটবেংকৰ স্বার্থত গ্রহণ কৰা নীতিয়ে অসমৰ খিলঞ্জীয়া লোকসকলৰ ভৱিষ্যৎ নিঃশেষ কৰি দিলেহেঁতেন৷ অসম আন্দোলনে আৰু অসম গণ পৰিষদে বিদেশী বহিষ্কৰণৰ ক্ষেত্রত সৃষ্টি কৰা জনজাগৰণত অৱহেলিত অসমখনক ৰাষ্ট্রীয় পর্যায়ত প্রতিষ্ঠিত হৈছিল৷ সেয়াই নহয়, অসম গণ পৰিষদৰ দৃঢ় স্থিতিৰ বাবেই বিদেশী প্রব্রজন ৰোধ হৈছে৷ কিয়নো অসম আন্দোলনৰ পূর্বে বা অসম আন্দোলনৰ সময়তো চুবুৰীয়া দেশৰ পৰা বিদেশী প্রব্রজন যি হাৰত হৈছিল, তাৰ ফলত অসমৰ ভৌগোলিক পৰিৱর্তন হৈছে আৰু খিলঞ্জীয়া একপ্রকাৰ সংখ্যালঘুত পৰিণত হৈছে৷ একমাত্র অসম গণ পৰিষদে বিদেশী বহিষ্কৰণৰ ইছ্যুক বাৰম্বাৰ উত্থাপন কৰি থকা বাবেই আজি ৰাজ্যখন কিছু পৰিমাণে হ’লেও এনে সংকটৰ পৰা পৰিত্রাণ পাবলৈ সক্ষম হৈছে৷ কংগ্রেছে বিদেশীক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ ফলতেই অসমৰ ভৌগোলিক পৰিগাঁথনি আজি সলনি হ’ল৷ ইয়াৰ বিপৰীতে কিন্তু অগপৰ সুদৃঢ় স্থিতিয়ে অসমীয়া ৰাইজৰ মাজত সচেতনতা আৰু জাগৰণৰ সৃষ্টি কৰি আহিছে৷ অসম গণ পৰিষদ নাথাকিলে হয়তো অসমৰ ভৌগোলিক পৰিগাঁথনি কেতিয়াবাই সলনি হৈ গ’লহেঁতেন, অস্তিত্বৰ সংকটত ভুগিব লাগিলহেঁতেন খিলঞ্জীয়া লোকসকল৷ পুনৰ ক’ব বিচাৰোঁ– অগপ শক্তিশালী হ’বই৷ কিয়নো দলটোৰ যিডাল শিপা, এই শিপা অধিক মজবুত আৰু অধিক গভীৰলৈ সোমাই আছে৷ শিপা মজবুত বাবেই অগপ মূৰ তুলি থিয় হৈ থাকিবলৈ সক্ষম হৈছে৷ বহু দলৰেই এই শিপা নাই৷ সেয়েহে ক’ব বিচাৰোঁ আঞ্চলিকতাবাদত বিশ্বাসী আৰু জাতীয়তাবাদত বিশ্বাসী লোকসকলে যদিহে ইয়াক সাৰ–পানী দিয়ে, তেন্তে নিশ্চিতভাৱে অগপই বটবৃক্ষ ৰূপত ৰাজ্যখনক সুৰক্ষিত কৰি ৰাখিব৷ এইক্ষেত্রত আঞ্চলিক তথা জাতীয়তাবাদী ভাবধাৰাৰ প্রতিজন সচেতন নাগৰিককে ধৰি অসমবাসী ৰাইজৰ সহায়–সহযোগ ঐকান্তিকতাৰে কামনা কৰিলোঁ৷