নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ব্ৰইলাৰভৰ্তি পিক্ আপ ভেন জব্দ

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ বহিঃৰাজ্যৰ ব্ৰইলাৰ মুৰ্গীৰ আমদানি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বান্ধি দিয়া নিয়ম-নীতি উলংঘা কৰি ধুবুৰী জিলাৰ অসম বংগ সীমান্তইদি ধুবুৰী তথা অসমলৈ অবাধে আহি আছে নেকি ব্ৰইলাৰ মুৰ্গী? যোৱা নিশা ধুবুৰীৰ এম. কো. ৰোডস্থিত বজাৰ নগৰ আৰক্ষী চকীয়ে এখন ব্ৰয়লাৰ মুৰ্গী ভৰ্তি বাহন জব্দ কৰাৰ পিছত উত্থাপিত হৈছে এই প্ৰশ্নৰ। আৰক্ষীয়ে আনুষ্ঠানিকভাবে একো নজনালেও এ‌ এছ-১৭ বি / ৯৮৩২ নম্বৰৰ সেই পিক্ আপ ভেনখন চহৰখনৰ আই. জি. ৰোড অঞ্চলৰ পৰা জব্দ কৰা বুলি জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ ভাবে,যোৱানিশাই জব্দ কৰা সেই বাহনখনৰ ব্ৰইলাৰ মুৰ্গীবোৰ পৰীক্ষা কৰিবলৈ আজি দুপৰীয়া লৈকে স্থানীয় পশুপালন বিভাগৰ কোনো দল উপস্থিত নোহোৱা বুলি প্ৰকাশ। আনহাতে, ব্ৰয়লাৰবাহী সেই বাহনখন জব্দ হোৱাৰ পিছত পশ্চিমবংগৰ পৰা ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ আদি বিভিন্ন থানাকে ধৰি কেইবাটাও আৰক্ষী চকী পাৰ হৈ সেইখন বিনাবাধায় ধুবুৰীত প্ৰৱেশ কৰিব পাৰিলে সেয়াও এক প্ৰশ্নৰূপে উঠি আহিছে। সমান্তৰালকৈ জিলাখনত মাজে সময়ে ব্ৰয়লাৰ মুৰ্গীৰ বাহন জব্দ কৰা পোৱা গ’লেও আজিলৈ ব্ৰয়লাৰ মুৰ্গীবোৰ অনাৰ আঁৰৰ মূল পাণ্ডাৰূপী কোনো এজন লোককে আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰা ৰহস্যজনক বুলিও বিবেচিত হৈছে। উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা ব্ৰইলাৰ মুৰ্গীৰ আমদানী ক্ষেত্ৰত অসম চৰকাৰে নিষেধাজ্ঞা জাৰী কৰাৰ পিছৰ পৰাই এটা বিশেষ চক্ৰৰ ছত্ৰছায়াত ধুবুৰী জিলাৰ অসম-বংগ সীমান্তইদি ব্ৰয়লাৰৰ আমদানী অব্যাহত থকাৰ সমান্তৰালকৈ সেই চক্ৰটোৰ সৈতে একাংশ আৰক্ষী অৰু জিলাখনৰ পশুপালন বিভাগৰ এছাম জড়িত থকা বুলি স্থানীয় মহল একাংশৰ ভিতৰচৰাত এক বুবু-বাবাও আছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like