২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ ভাৰত চৰকাৰে ২৩ আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে। আজি এই সন্দৰ্ভত চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি চলিত বৰ্ষৰ ২৩ আগষ্টত বিক্ৰম লেণ্ডাৰ অৱতৰণ আৰু প্ৰজ্ঞান ৰভাৰ নিয়োগ কৰি অভিযানৰ সফলতাৰ স্মৃতিত প্ৰতিবছৰে ২৩ আগষ্টত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব। অধিসূচনাত চৰকাৰে উল্লেখ কৰে যে ২৩ আগষ্ট মহাকাশ অভিযানত দেশৰ অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ই নৱপ্ৰজন্মক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM)ৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে অনুপ্ৰাণিত কৰে আৰু মহাকাশ খণ্ডত এক বৃহৎ উত্থান প্ৰদান কৰে। এই ঐতিহাসিক অভিযানৰ ফলাফলে অনাগত বছৰবোৰত মানৱ জাতিক বহুখিনি উপকৃত কৰিব। উল্লেখযোগ্য যে যোৱা ২৩ আগষ্টত যেতিয়া ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ চন্দ্ৰ অভিযান সম্পূৰ্ণ হৈছিল, তেতিয়া সমগ্ৰ দেশতে উদযাপন হৈছিল। চন্দ্ৰযানৰ সফল অৱতৰণৰ লগে লগে ভাৰত আমেৰিকা, ৰাছিয়া, চীনৰ পিছত চন্দ্ৰত উপনীত হোৱা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। ইছৰোৰ এই সফলতাৰ ওপৰত মোদী কেবিনেটে চলিত বৰ্ষৰ আগষ্ট মাহত ২৩ আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে হোৱা বৈঠকত এই কথাও ঘোষণা কৰিছিল যে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰা হ’ব, যিটোৱে চন্দ্ৰযান-৩ অভিযানৰ ডাঙৰ সফলতা হিচাপে পৰিগণিত হ’ব।
#বাৰ্তা ডিজিটেল ডেস্ক