নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত স্বাস্থ্যমেলাত কেইবাশৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বিলাসীপাৰা আদৰ্শ চিকিৎসালয় প্ৰাংগণত আয়ুষ্মান ভৱনৰ উদ্যোগত স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। ২৭ নং পূব বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই শুভাৰম্ভ কৰা মেলাত আয়ুষ্মান কাৰ্ডৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হয়। এই স্বাস্থ্যমেলাত কেইবাটাও বিভাগৰ আছুতীয়াকৈ নিৰ্মাণ কৰা অস্থায়ী কোঠালিত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। ধুবুৰী মেডিকেল কলেজৰ পৰা বিভিন্ন বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া চিকিৎসাও প্ৰদান কৰা হয়। প্ৰসূতি আৰু স্ত্ৰী ৰোগ, শিশুৰ চিকিৎসা, শল্য চিকিৎসা, নাক, কাণ, ডিঙিৰ চিকিৎসা, চকু ৰোগ আৰু মনোৰোগৰ আদি বিভিন্ন ৰোগাক্ৰান্ত লোকক নিদান পত্ৰৰ লগতে ঔষধো বিতৰণ কৰা হয়। পুৱাৰে পৰা চিকিৎসালয়খনত কেইবাশ ৰোগীয়ে চিকিৎসাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয় । আজিৰ স্বাস্থ্যমেলাত চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ নাছিৰ উজ জামান, মহকুমা চিকিৎসা বিষয়া ডাঃ এম, আলী আহমেদ, ঔষধ বিশেষজ্ঞ ক্ৰমে ডাঃ জাকিৰ হুছেইন আৰু ডাঃ বিমল কৰ্মকাৰ, শিশু ৰোগ বিশেষজ্ঞ ডাঃ আশ্ৰাফ আলী, প্ৰসূতি ৰোগ বিশেষজ্ঞ ক্ৰমে ডাঃ কে মনীষা আৰু ডাঃ এম এ আহমেদ, মনোৰোগ বিশেষজ্ঞ ডাঃ এফ বৰা, ডিঙি, নাক, কাণ ৰোগ বিশেষজ্ঞ ডাঃ সুৰেন্দ্ৰ সিং, দন্ত চিকিৎসক ডাঃ বিকাশ ডেকা আৰু সাধাৰণ বহিঃবিভাগত ডাঃ এম এ সেখ, ডাঃ আৰিফ ইকবাল আৰু এছ সেখে ৰোগীসকললৈ চিকিৎসা আগবঢ়ায়। স্বাস্থ্যমেলাখনত চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট ঔষধ বিশেষজ্ঞ চিকিৎসক ডাঃ এ কে বৰুৱাৰ লগতে স্থানীয় পৌৰনেত্ৰী মনালিছা দাস, উপ-পৌৰপতি চন্দন দাসৰ লগতে আশাকৰ্মী, নাৰ্চসকলকে ধৰি চিকিৎসা কৰ্মীসকলো উপস্থিত থাকে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like