নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিয়েটনামত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ

বিশেষ বাৰ্তা, ১৮ অক্টোবৰঃ এক্ট ইষ্ট পলিচীৰ অন্তৰ্গত অসম তথা উত্তৰ পূবৰ সৈতে ভিয়েটনামৰ সম্পৰ্ক আৰু ব্যৱসায়-পৰ্যটন-সংস্কৃতি বিনিময়-প্ৰসাৰৰ যুগান্তকাৰী প্ৰচেষ্টাৰে ২৭,২৮ আৰু ২৯ অক্টোবৰত ভিয়েটনামৰ হো চি মিন চহৰৰ ছেপ্তেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ তৃতীয় সংস্কৰণৰ আয়োজন কৰা হৈছে। মঙলবাৰে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই। তেওঁ লগতে কয়-দক্ষিণ পূব এছিয়াৰ লগত অসম তথা উত্তৰ পূবৰ সম্বন্ধ ঐতিহাসিক। দক্ষিণ পূব এছিয়াৰ বৃহৎ বজাৰ সংলগ্নকৰণ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ বাবে বিভিন্ন আন্তঃগাঁথনিক প্ৰকল্পৰ কাম হৈ আছে। হো চি মিনত থকা ভাৰতীয় দূতাবাসৰ নেতৃত্বত হ’বলগীয়া অনুষ্ঠানটোত পৰৰাষ্ট্ৰ মন্ত্ৰালয়, ড’নাৰ মন্ত্ৰালয় আৰু পৰ্যটন মন্ত্ৰালয়ে সহযোগিতা আগবঢ়াইছে। এই সমগ্ৰ প্ৰকল্পটোৰ বাস্তৱ ৰূপ দিব টেণ্ড্ৰ এম এম এছ গ্ৰুপে। অনুষ্ঠানটোৰ মূল লক্ষ্য ব্যৱসায়-বাণিজ্য-পৰ্যটনৰ প্ৰসাৰ তথা সাংস্কৃতিক আদান প্ৰদান। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত উত্তৰ পূবৰ প্ৰায় চাৰি শতাধিক ব্যক্তি, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকল, সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তিসকলৰ লগতে অঞ্চলটোৰ বিশিষ্ট উদ্যোগীসকলে অংশ ল’ব। ২৭ অক্টোবৰৰ সন্ধিয়া হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পৰা যোৱা প্ৰতিনিধিৰ দলে ভিয়েটনামৰ ৰাজনৈতিক নেতৃত্ব তথা উদ্যোগপতিসকলৰ সৈতে আলোচনাত ভাগ ল’ব। অনুষ্ঠানৰ গুৰি ধৰিব ভিয়েটনামৰ হো চি মিনৰ ভাৰতীয় দূতাবাসৰ কনচল জেনেৰেল মদন মোহন শেঠীয়ে। ট্যুৰ অপাৰেটৰ, হোটেল ব্যৱসায়ী, উত্তৰ পূবৰ পৰ্যটন বিভাগৰ বিশেষজ্ঞৰ সৈতে ভিয়েটনামৰ বিশেষজ্ঞসকলৰ পৰ্যটন সম্বন্ধত অনুষ্ঠিত গুৰুত্বপূৰ্ণ বি টু বি মীটৰ অধ্যক্ষতা কৰিব উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব আই এ এছ চঞ্চল কুমাৰে। ভিয়েটনাম চেম্বাৰ অৱ কমাৰ্চৰ বিভিন্ন ট্ৰেডাৰ্ছসকলৰ লগত হ’বলগীয়া ক্ৰেতা বিক্ৰেতা সন্মিলনখনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি উদ্যমীসকলে অংশ ল’ব। পিপুল টু পিপুল এক্সেঞ্জ মীটত উত্তৰ পূবৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলে ভিয়েটনামত থকা শৈক্ষিক পৰামৰ্শদাতা আৰু পণ্ডিতসকলৰ সৈতে শিক্ষাৰ প্ৰসাৰৰ বাবে আলোচনাত অংশ ল’ব। বেংককত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ পাছত বহু ছাত্ৰ অধ্যয়নৰ বাবে উত্তৰ পূবৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ অহাতো দুয়োটা অঞ্চলৰ বাবে শুভ লক্ষণ। ভৱিষ্যতে ভিয়েটনামৰ পৰাও এনেদৰে ছাত্ৰ-ছাত্ৰীৰ আগমণ ঘটিব বুলি আশা কৰা হৈছে। ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ ছেপ্তেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত আয়োজিত ‘ইনক্ৰেডিবল ইণ্ডিয়া’ শীৰ্ষক বৃহৎ প্ৰদৰ্শনীত ভাৰতৰ পৰ্যটন, হস্তশিল্পৰ লগতে উত্তৰ পূবৰ ৮ খন ৰাজ্যৰ বিভিন্ন উৎকৃষ্ট সামগ্ৰী যেনে চাহ, বিভিন্ন উদ্যোগ, খাদ্য ইত্যাদিৰ প্ৰদৰ্শনী হ’ব। দুয়োখন দেশৰ মাজৰ সাংস্কৃতিক বিনিময় অনুষ্ঠানত অসমৰ বিহু নৃত্য, বড়োসকলৰ বাগৰুম্বা, কাৰ্বি নৃত্য, টিৱা নৃত্য, মেঘালয়ৰ ৱাংগালা নৃত্য, মণিপুৰৰ সমৰকলা ইত্যাদি বিভিন্ন সাংস্কৃতিক বৈভৱ প্ৰদৰ্শন হ’ব। ভিয়েটনামৰ বিভিন্ন প্ৰদেশৰ পৰা অহা দলে শ্ৰেষ্ঠতম নৃত্যসমূহ প্ৰদৰ্শন কৰিব। ৰাতিৰ অনুষ্ঠানত উত্তৰ পূবৰ বহুকেইটা জনপ্ৰিয় বেণ্ডৰ সংগীতৰ প্ৰদৰ্শনৰ লগত থাকিব ভিয়েটনামৰ বহুকেইটা প্ৰসিদ্ধ বেণ্ড। দুয়োটা সন্ধিয়াতে আয়োজন কৰা আকৰ্ষণীয় ফেশ্বন শ্ব’ৰ বৈশিষ্ট্য এয়াই যে ইয়াৰ ডিজাইনাৰসকল উত্তৰ পূবৰ কিন্তু মডেলসকল ভিয়েটনামৰ। অসমৰ সংঘমিত্ৰা বিজু ফুকন, উৰা মাকোৰ মঞ্জুশ্ৰী শইকীয়া, বিদ্যুৎ-বিকাশ, অৰুণাচলৰ য়ানা নবা, নাগালেণ্ডৰ বাম্বী কেভিচুছা, মেঘালয়ৰ ইবা মালাই ইত্যাদি ডিজাইনাৰসকলে ফেশ্বন শ্ব’ত অংশ ল’ব। ভিয়েটনামৰ হো চি মিন চহৰৰ ভাৰতীয় দূতাবাসৰ মাননীয় কনচুল জেনেৰেল মদন মোহন শেঠীয়ে জনাইছে যে হো চি মিনৰ ছেপ্তেম্বৰ টুৱেণ্টি থাৰ্ড পাৰ্কত আমেৰিকা আৰু বিভিন্ন পশ্চিমীয়া দেশৰ লগতে স্থানীয় ভিয়েটনামবাসীৰ ব্যাপক সমাগম ঘটে। ফলস্বৰূপে বৃহৎ সংখ্যক লোকে উত্তৰ পূবৰ বিষয়ে জানিব। তেখেতে মন্তব্য কৰে যে “উত্তৰ-পূব ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ। হো চি মিন চহৰৰ ভাৰতীয় কনচুলেট আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মাজৰ সহযোগিতামূলক প্ৰচেষ্টা শ এই বৃহৎ পদক্ষেপৰ আয়োজনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ পোৱাটো মোৰ বাবে অত্যন্ত আনন্দৰ কথা। প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট নীতিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আমাৰ দৃষ্টিভংগীক কাৰ্যলৈ ৰূপান্তৰিত কৰিম। ভিয়েটনাম এয়াৰলাইনছৰ এটা দলে শেহতীয়াকৈ গুৱাহাটী আৰু ভিয়েটনামৰ মাজত পোনপটীয়া বিমান সংযোগৰ বিষয়ে আলোচনা কৰিবলৈ অসম ভ্ৰমণ কৰিছে। যদি এয়া বাস্তৱত পৰিণত হয় তেন্তে উত্তৰ পূব ভাৰতৰ পৰ্যটন খণ্ডৰ গতিশীলতা সম্পূৰ্ণৰূপে সলনি হ’ব।”

You might also like