বিশেষ বার্তা, ১৯ অক্টোবৰঃ নলবাৰী জিলাৰ বেলশৰস্থিত ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজি পূজা আগবঢ়াব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ দেৱালয়টোত চলি থকা নৱৰাত্রিৰ পঞ্চম দিনৰ পূজা–অর্চনাত ভাগ ল’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই দেৱীৰ পঞ্চমটো ৰূপৰ পূজা কৰিব৷ জিলা প্রশাসনৰ এটা সূত্রই জানিবলৈ দিয়া মতে আজি দুপৰীয়া ১২.৩০ বজাত মুখ্যমন্ত্রী ড০ শর্মা দেৱালয়ত উপস্থিত হ’ব৷ ইয়াৰ পূর্বে তেওঁ পুৱা ১০.৩০ বজাত জিলাখনৰ ধমধমা আঞ্চলিক শ্রীশ্রী দুর্গা মন্দিৰত শাৰদীয় দুর্গোৎসৱৰ শতবার্ষিকী অনুষ্ঠানত ভাগ ল’ব৷ তাৰ পৰা তেওঁ বিহামপুৰলৈ গৈ বিহামপুৰ বাৰোৱাৰী দুর্গা মন্দিৰত উপস্থিত হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই বিহামপুৰ বাৰোৱাৰী দুর্গা মন্দিৰত উপস্থিত হৈ মন্দিৰ তথা পূজা কমিটীৰ কর্মকর্তাৰ সৈতে মত বিনিময় কৰিব৷ শাৰদীয় দুর্গোৎসৱৰ উছৱমুখৰ পৰিৱেশৰ মাজতে মুখ্যমন্ত্রী ড০ শর্মাই আজি জিলাখনৰ তিনিটা স্থানত উপস্থিত হোৱাক লৈ জিলাখনৰ ভক্তিপ্রাণ ৰাইজ উৎসাহিত হোৱা পৰিলক্ষিত হৈছে৷
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন