নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণ-মটক জনগোষ্ঠীৰ বাবে এপিএছচিত সংৰক্ষিত এটা পদ

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ অসম অসামৰিক সেৱা (এ চি এছ) আৰু অসম আৰক্ষী সেৱা (এ পি এছ)ৰ এটাকৈ পদ মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰা হ’ল৷ ৰাজ্যিক কেবিনেটে পূর্বে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি পার্ছনেল বিভাগে এই সন্দর্ভত কার্যালয় স্মাৰক জাৰি কৰিছে৷ এই কার্যালয় স্মাৰক অনুসৰি এচিএছৰ জুনিয়ৰ গ্রেডৰ এটা পদ আৰু এপিএছৰ এটা পদ এই জনগোষ্ঠী দুটাৰ বাবে সংৰক্ষিত থাকিব৷ পৰৱর্তী ৫ বছৰৰ বাবে মৰাণ আৰু মটক সম্প্রদায়ৰ এই দুটা পদ সংৰক্ষিত থাকিব৷ উল্লেখ্য যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তুলি অহা ছয় জনগোষ্ঠীৰ অন্যতম মৰাণ, মটক জনগোষ্ঠীৰ বাবে অতি শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে এপিএছচিত পদ সংৰক্ষণ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই মর্মে আজি কার্যালয় স্মাৰক প্রকাশ কৰা হয়৷ দুয়োটা জনগোষ্ঠীৰ বাবে পৰৱর্তী নিযুক্তিৰ ক্ষেত্রত প্রযোজ্য হ’ব এই সংৰক্ষণৰ ব্যৱস্থা৷

You might also like