আজি গুৱাহাটীত নর্থ–ইষ্ট ইউনাইটেডৰ সন্মুখত হায়দৰাবাদ এফ চি
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগত আৰু দুখন মেচ খেলিবলৈ বাকী আছে৷ ধাৰাবাহিক ব্যর্থতাৰে সমর্থকক আশাহত কৰা নর্থ–ইষ্টে ছিজনৰ অন্তিম মেচ দুখন গৃহভূমিতে খেলিব৷ আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্ছ ষ্টেডিয়ামত হ’ব লগা মেচখনত হায়দৰাবাদ এফ চিৰে মুখামুখি হ’ব ঘৰুৱা দলটো৷
আনহাতে, ২৫ ফেব্রুৱাৰীত সৰুসজাইতে নর্থ–ইষ্টে খেলিব চেন্নাইন এফ চিৰ বিৰুদ্ধে৷ উল্লেখ্য যে আজিৰ মেচখন লীগৰ দৃষ্টিৰে গুৰুত্বহীন৷ কাৰণ, উত্তৰ–পূবৰ দলটোৰ লগতে হায়দৰাবাদ দল পইণ্ট তালিকাৰ অন্তিম স্থানত আছে আৰু উভয়ৰ স্থান পৰিৱর্তনৰ সম্ভাৱনাও নাই৷ কিন্তু গুৱাহাটীত হ’ব লগা অন্তিম মেচখন চেন্নাইনৰ বাবে প্লে অফৰ দৃষ্টিৰে গুৰুত্বপূর্ণ হ’ব৷ ক্রমাগত ১২খন মেচত জয়ৰ মুখ নেদেখা নর্থ–ইষ্ট ইউনাইটেডে ঘৰত খেলিব লগা অন্তিম মেচ দুখনত জয়ী হৈ তালিকাৰ সন্মানজনক স্থিতিত থকাৰ লক্ষ্য লৈছে৷ ১৬খন মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি নৱম স্থানত আছে নর্থ–ইষ্ট ইউনাইটেড এফ চি৷ ‘আমি হায়দৰাবাদক লৈ চিন্তিত নহয়৷ ঘৰত আমাৰ লক্ষ্য তিনি পইণ্ট৷ খেলুৱৈ নিলম্বন বিষয়টো আমাৰ আয়ত্তত নাই৷’ নর্থ–ইষ্টৰ প্রশিক্ষক খালিদ জামিলে কয়৷
ইফালে, হায়দৰাবাদৰ বাবে হতাশজনক বিষয়টো হ’ল মাত্র এখন মেচত দলটোৱে জয়লাভ কৰিছে৷ ১৭খন মেচৰ ১২খনতেই পৰাজয়ৰ গ্লানি সহিছে দলটোৱে৷ ইফালে, ক্রমাগত ১৪খন মেচত দলটোৱে জয়ৰ মুখ দেখা নাই৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা