নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত আকৌ মাস্ক… দুদিন বন্ধ চৰকাৰী প্ৰাথমিক বিদ্যালয়

বিশেষ বাৰ্তা, ৩ অক্টোবৰ : ভয়ংকৰভাৱে প্ৰদূষণ বৃদ্ধি পাইছে দিল্লীত। বিষাক্ত হৈ পৰিছে দিল্লীৰ বতাহ। যাৰ বাবে এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বহু লোক। উল্লেখ্য যে দিল্লীৰ কেইবাখনো ঠাইত AQI ৮০০লৈ বৃদ্ধি পাইছে। প্ৰদূষণ ৰোধ কৰিবলৈ এতিয়া দিল্লী চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ। ইয়াৰ ভিতৰত অহা দুদিন দিল্লীৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব। ডিজেলচালিত ট্ৰাকৰো প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তদুপৰি দিল্লীৰ মেট্ৰ’ সেৱাৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। দিল্লীৰ গুৰুগামত ১৪৪ ধাৰা জাৰি কৰা হৈছে। জাবৰ-জোঁথৰো জ্বলাব নোৱাৰিব দিল্লীবাসীয়ে। উশাহ লোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে দিল্লীৰ বাসিন্দা। এই সময়ত মাস্ক পিন্ধি দিল্লীবাসীয়ে নিজকে ৰক্ষা কৰাৰ চেষ্টা কৰিছে।

You might also like