বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : আলফা স্বাধীনত ন ন যুৱক-যুৱতীয়ে যোগদান কৰি থকাৰ সমান্তৰালকৈ পুনৰ মূলসুঁতিলৈ উভতি অহাৰ প্ৰক্ৰিয়াও অব্যাহত আছে৷ ঠিক তেনেদৰেই বৃহস্পতিবাৰে নিশা ফিল’বাৰী আৰক্ষী থানাত এগৰাকী আৰু আজি তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আন এগৰাকী আলফা (স্বা)ৰ সদস্যই আত্মসমৰ্পণ কৰে ৷ ফিল’বাৰী আৰক্ষী থানাত আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ সদস্যগৰাকীৰ নাম পলাশ মৰাণ ওৰফে গোপাল অসম আৰু আজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰা সদস্যগৰাকীৰ নাম কুনাল মৰাণ ওৰফে লেটেছ অসম ৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ ওচৰত আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ সদস্য দুগৰাকীয়ে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে জানিবলৈ দিয়া অনুসৰি, দুয়োগৰাকী আলফা স্বাধীনৰ সক্ৰিয় কেডাৰ আছিল ৷ আত্মসমৰ্পণৰ সময়ত কোনো অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক প্ৰদান কৰা নাই ৷ আত্মসমৰ্পণকাৰী আলফা সদস্য দুগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত পেঙেৰীৰ ২নং নলনী গাঁৱত ৷ পলাশ মৰাণে ২০২১ চনত আৰু কুনাল মৰাণে ২০১৮ চনত আলফা স্বাধীনত যোগদান কৰিছিল ৷ বৃহস্পতিবাৰে নিশা ফিল’বাৰী আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাষ দাসে আলফা স্বাধীনৰ সদস্য পলাশ মৰাণক সোধা-পোছা কৰাৰ পাছতে মাজনিশা তিনিচুকীয়ালৈ লৈ আনে আৰু কুনাল মৰাণে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰাৰ পাছতে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখে ৷ অৱশ্যে কি কাৰণে পলাশ মৰাণ আৰু কুনাল মৰাণে আত্মসমৰ্পণ কৰিলে, সেয়া জানিব পৰা হোৱা নাই যদিও পলাশ মৰাণে বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ ঘৰত আহি উপস্থিত হোৱাত পৰিয়ালৰ লোকে আচৰিত হৈ ফিল’বাৰী আৰক্ষী থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত আত্মসমৰ্পণ কৰে আৰু ঠিক তেনেদৰেই কুনাল মৰাণেও আজি পুৱা হঠাৎ ঘৰত উপস্থিত হোৱাত পৰিয়ালে আৰক্ষীৰ স’তে যোগাযোগ কৰি আত্মসমৰ্পণ কৰোৱায় বুলি চৰ্চিত যদিও পৰৱৰ্তী সময়ত দুই আত্মসমৰ্পণকাৰী সদস্যক জেৰাৰ পাছত আৰক্ষীৰ তথ্যত পোহৰলৈ আহিব প্ৰকৃত তথ্য ৷
প্ৰেৰক বিবেক বড়া