নেপালত প্ৰচণ্ড ভূঁইকঁপ : ১২৮জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ৪ নৱেম্বৰ : শুকুৰবাৰে নিশা নেপালক এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়। জানিব পৰা মতে, এই ভূঁইকঁপত এতিয়ালৈকে ১২৮ জন লোকৰ মৃত্যু হৈছে। ৰিখটাৰ স্কেলত এই কম্পনৰ প্ৰাবল্য আছিল ৬.৪। নেপালৰ ধীমু অঞ্চলত ১০ কিলোমিটাৰ তলত ভূমিকম্পৰ উৎস। এই ভূমিকম্পত আহত লোকৰ সংখ্যা কেইবাশও অতিক্ৰম কৰাৰ শংকা ব্যক্ত কৰা হৈছে। তদুপৰি মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে। নেপালত অনুভূত ভূমিকম্পৰ প্ৰভাৱ ইমানেই বেছি আছিল যে সুদূৰ দিল্লীৰ মাটিও কঁপি উঠিছিল। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ ইতিমধ্যে ৰাওনা হৈছে। উল্লেখ্য যে প্ৰকৃতিৰ ক্ৰোধত আঘাতপ্ৰাপ্ত চুবুৰীয়া দেশখনৰ কাষত থিয় দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনক সকলো সহায়ৰ আশ্বাস দিছে। শনিবাৰে পুৱা শোক প্ৰকাশ কৰি মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখিছে- ‘নেপালৰ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমি সকলো প্ৰকাৰে নেপালক সহায় কৰিবলৈ সাজু। ক্ষতিগ্ৰস্ত পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।’