নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰঃ ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ আজি সন্ধিয়া ৭.৪৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিয়োগ ঘটে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মৃত্যু সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। উল্লেখ্য যে, অসম গণ পৰিষদ দল গঠন হোৱাৰে পৰা জাতীয়তাবাদী আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাজনৈতিক ক্ষেত্ৰত খোজ দি বলিষ্ট কন্ঠৰে ৰাজনৈতিক জীৱন আগবঢ়াই নিয়া ডিম্বেশ্বৰ দাসে ২০০৬ চনত বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদৰ দলৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কিন্তু পৰৱৰ্তী সময়ত অসম গণ পৰিষদ দলৰ নেতৃত্বৰ সৈতে হোৱা মতানৈক্যৰ বাবে জাতীয়তাবাদী শিবিৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হৈ পৰিছিল। পাছলৈ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা দলীয় টিকট লাভ কৰে আৰু সেই সময়ত ডিম্বেশ্বৰ দাসৰ লগতে অসমৰ বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ৰহাত উপস্থিত হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিধায়কৰ কাৰ্যকালতে ৰহাৰ অতিকৈ প্ৰয়োজনীয় তথা সৰ্বসাধাৰণে দীৰ্ঘদিনে যাতনা ভোগ কৰি অহা ৰহা পুৰণা চাৰিআলি কলংনদীৰ দলংৰ লগতে কমাৰজান দলং, মীনাবজাৰ বৰপানী নদীৰ দলং, বালিজুৰি বৰপানী নদীৰ দলঙকে ধৰি ১১ খনকৈ দলং নিৰ্মাণৰ ব্যৱস্থা কৰা লগতে যাতায়ত পথৰ ব্যৱস্থাৰে উন্নয়নমূলক কাম-কাজ কৰিছিল। তদুপৰি বৃহত্তৰ ৰহা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্থাপনৰ লগতে অতি ওত:প্ৰোত ভাৱে জড়িত হৈ আছিল। প্ৰাক্তন বিধায়ক গৰাকীৰ মৃত্যুত বৃহত্তৰ ৰহাৰ বিভিন্ন দল, সংগঠনে শোক প্ৰকাশ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি নিশাই তেখেতৰ নশ্বৰ দেহ ৰহাৰ নিজা বাসভৱনলৈ নিয়া হ’ব আৰু কাইলৈ পুৱা অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিব। তেখেতে মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নী তথা ৰহা পৌৰসভাৰ উপপৌৰপতি অনিমা দাস, জী-জোঁৱাইৰ লগতে জেষ্ঠ, কনিষ্ঠ ভাতৃ-ভগ্নী আৰু বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।
প্ৰেৰক ভৱজয় ডেকা