বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ চাপৰিত থলুৱা কৃষক গোট স্বৰাজ সমবায় সমিতিলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই এখন ট্ৰেক্টৰ আগবঢ়ায়। লগতে ৰবিশস্যও আগবঢ়ায়। প্ৰায় এশজনীয়া সদস্যৰে গঠিত এই কৃষি গোটটোক ট্ৰেক্টৰ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ আগভাগ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য্যই।
উপ-সভাপতিগৰাকীয়ে তেওঁৰ ভাষণত কৃষি গোটটোৰ যুৱ বন্ধুসকলক ন-উদ্যমেৰে আগবাঢ়ি যোৱাৰ লগতে চৰকাৰীভাৱে সাহায্য প্ৰদানৰ আশ্বাস দিয়ে। এই অনুষ্ঠানত উপস্থিত থাকে কৃষক মৰ্চাৰ উপ-সভাপতি নিবাৰণ লহকৰ, বেজেৰা মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি মাধৱ বৰা, কিষাণ মৰ্চাৰ জিলা সাধাৰণ সম্পাদক গংগাধৰ দাস ।