নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক্সকেভেটৰেৰে ভাঙিলে মছজিদ–মাদ্রাছা–ঈদগাহ

🔹 লক্ষীপুৰৰ নলবাৰী বনাঞ্চলত ১৫০ পৰিয়ালক উচ্ছেদ

🔹 ৫০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্রশাসনৰ : উচ্ছেদ হ’ব ৩০০ পৰিয়াল

বার্তা ব্যুৰ’,  ৭ নৱেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অন্তর্গত নলবাৰী সংৰক্ষিত বনাঞ্চলত কালি পুৱাৰে পৰা প্রশাসনে বৃহৎ উচ্ছেদ অভিযান চলায়৷ সংৰক্ষিত বনাঞ্চলখনৰ ১,০০০ বিঘা ভূমিৰ ৫০০ বিঘা বেদখলমুক্ত কৰাৰ বাবে চিআৰপিএফ আৰু আৰক্ষী তথা বন বিভাগৰ জোৱান মোতায়েন কৰি পুৱা ১০ বজাৰ পৰাই চলোৱা হয় উচ্ছেদ অভিযান৷ তিনিদিনীয়াকৈ চলিব লগা উচ্ছেদ অভিযানত ১০খনকৈ এক্সকেভেটৰ ব্যৱহাৰ হয়৷ দীর্ঘদিন ধৰি একাংশ লোকে সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি দপদপাই আছিল৷ স্থাপন কৰিছিল শিক্ষানুষ্ঠান, মছজিদ, ঈদগাহ আদি৷ স্থাপন কৰিছিল বৃহৎ একোখনকৈ গাঁও৷ প্রশাসনে গৌড়নগৰৰ শালবাৰী প্রথম খণ্ড, হাসডোবা, আঙতিহাৰা, হাতীমূৰা আদি গাঁৱত উচ্ছেদ অভিযান চলাই কালি প্রথম দিনা প্রায় ১৫০টা পৰিয়ালৰ বাসগৃহ ভাঙি দিয়াৰ লগতে গছ–গছনি কাটি উচ্ছেদ চলায়৷ এক্সকেভেটৰৰে কেইবাখনো মাদ্রাছা, ঈদগাহ তথা পকীঘৰো ভাঙি উচ্ছেদ কৰা হয়৷ উল্লেখ্য যে নলবাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰি প্রায় ৩০০টা পৰিয়ালে দীর্ঘদিনৰ পৰা বসবাস কৰি আছিল৷ অৱশ্যে প্রশাসনৰ উচ্ছেদৰ পূর্বেই উচ্ছেদৰ জাননী পাই বহু পৰিয়াল নিজে নিজেই ভাঙি লৈ যায় ঘৰ৷ ইফালে, ঘৰ–বাৰী হেৰুৱাই দিশহাৰা হৈ ব্যাকুল হৈ পৰিছে বহু পৰিয়াল৷ এই উচ্ছেদ অভিযানত গোৱালপাৰা বন সংমণ্ডল প্রাধিকাৰী তেজাশ মৰিস্বামী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, উপ–আৰক্ষী অধীক্ষক খর্গেশ্বৰ ৰাভাই নেতৃত্ব দিয়ে৷

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like