নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেম্পিয়নছ ট্রফীলৈ যোগ্যতা অর্জন আফগানিস্তানৰ

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ চলিত বিশ্বকাপত কোন চাৰিটা দলে ছেমিফাইনেল খেলিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ কিন্তু ইয়াৰ মাজতে আৰম্ভ হৈছে অন্য এক যুঁজ৷ সেই যুঁজ চেম্পিয়নছ ট্রীফত যোগ্যতা অর্জনৰ৷ এইবাৰ সেই কামটোৱেই কৰিলে ৰছিদ খানৰ দলটোৱে৷ ২০২৫ চনৰ চেম্পিয়নছ ট্রফীত খেলিব আফগানিস্তানে৷ সোমবাৰে শ্রীলংকা পৰাজিত হোৱাৰ লগে লগে আফগানিস্তানে চেম্পিয়নছ ট্রফীত খেলাটো নিশ্চিত হয়৷ আইচিচি বিশ্বকাপৰ মাজতে ঘোষণা কৰা হয় যে বিশ্বকাপৰ লীগ তালিকাৰ প্রথম ৭টা দলে চেম্পিয়নছ ট্রফীলৈ যোগ্যতা অর্জন কৰিব৷ আয়োজক দেশ হিচাপে পাকিস্তানে খেলিব৷ অন্য ৭টা দলে সুযোগ পাব চেম্পিয়নছ ট্রফী খেলাৰ৷ সেইবাবে বিশ্বকাপত প্রথম ৭টা স্থানৰ ভিতৰত থকাৰ যুঁজ কৰিছে আটাইবোৰ দলে৷ পাকিস্তান যদি প্রথম ৭টা দলৰ ভিতৰত থাকে, তেনেহ’লে অষ্টম স্থানত থকা দলটোৱে চেম্পিয়নছ লীগ খেলাৰ সুযোগ পাব৷ আফগানিস্তানে ৭খন মেচ খেলি ৮ পইণ্ট লাভ কৰিছে৷ সেইবাবে তেওঁলোক বিশ্বকাপৰ ৮টা দলৰ ভিতৰত থকাটো নিশ্চিত হৈছে৷ ফলত ২০২৫ চনৰ চেম্পিয়নছ ট্রফীৰ জৰিয়তে প্রথমবাৰ প্রতিযোগিতাখনত অংশগ্রহণ কৰিব আফগানিস্তানে৷ সেইবাবে ক্রিকেট বিশ্বত এয়া দলটোৰ বাবে এক বিৰল ইতিহাস৷

#বাৰ্তা ডেস্ক

You might also like