নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ কামৰূপ জিলাৰ নগৰবেৰা থানাৰ অন্তৰ্গত খামেৰীত সোমবাৰৰ আবেলি সংঘটিত হয় এক শিহৰণকাৰী পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত তথ্য মতে চালেহা খাতুন (৫৫) নামৰ মহিলাগৰাকীয়ে পথালিপাৰা অক্সিৰটাৰী গাঁৱৰ পুত্ৰৰ ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা অহা তীব্ৰবেগী এ এছ ০১ ই জে ৯১৩৪ নম্বৰৰ হ’ণ্ডা কোম্পানীৰ বাইক এখনে প্ৰচণ্ড জোৰত খুন্দা মৰাত মহিলা গৰাকী বহু দূৰলৈ চিটিকি পৰাৰ উপৰি মূৰত অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ স্থানীয় ৰাইজ আৰু একাংশ পথচাৰীৰ তৎপৰতাত ওচৰৰে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ চালক ৰেজাউল হক নামৰ যুৱকজনো অতি গুৰুতৰভাৱে আঘাত পোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ সমগ্ৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ লগতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে বৃহত্তৰ নগৰবেৰা-খামেৰী অঞ্চলত ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস