নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : ৰঙিয়াৰ ঐতিহাসিক তৰণী হৰি মন্দিৰৰ সভাগৃহক ন ৰূপ দিয়াৰ উদ্দেশ্যে আজি হৰি মন্দিৰৰ প্ৰাংগণত আধাৰশিলা স্থাপন কৰা হয়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানটোত স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই স্থানীয় ৰাইজৰ উপস্থিতিত নতুন সভা গৃহৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দি কয় যে মন্দিৰৰ সভাগৃহটো আটকধুনীয়াকৈ নিৰ্মাণৰ উদ্দেশ্যে প্ৰথমাৱস্থাত ১০ লাখ টকা আৰু দ্বিতীয় পৰ্যায়ত আকৌ ১০ লাখ টকাৰে সমুদায় ২০ লাখ টকা ব্যয় কৰি নিৰ্মাণ হব। আগন্তুক দুবছৰৰ ভিতৰত সভাগৃহৰ নিৰ্মাণ সম্পূৰ্ণ হব বুলি আশা প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয় যে নতুন সভাগৃহৰ দ্বাৰা বৃহত্তৰ অঞ্চলটোৰ ভক্তসকল উপকৃত হব। তেওঁ লগতে কয় যে আগন্তুক ৰাস মহোৎসৱটি উদযাপন সম্পূৰ্ণ হৈ উঠাৰ পিছতেই সভাগৃহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হব। উক্ত অনুষ্ঠানটোত পাণ্ডুৰী জিলা পৰিসদৰ সদস্য লিটন কলিতা, বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি দুলু ভূঞা, হৰি মন্দিৰৰ সভাপতি বিনোদ শৰ্মা, কাৰ্যকৰী সভাপতি সনাতন কলিতা, প্ৰচাৰ পত্ৰিকাৰ সভাপতি শুক্লেশ্বৰ কলিতা, সম্পাদক শংকৰ কলিতা, থিয়েটাৰ পৰিচালনা কমিটিৰ সম্পাদক দিব্যজ্যোতি কলিতা, যুৱ ব্যৱসায়ী নিপন ভূঞাৰ লগতে অঞ্চলটোৰ বহু গন্যমান্য লোক উপস্থিত থাকে ।
প্ৰেৰক ফাৰুক হুছেইন