নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাতিৰ ভিতৰতে কুশিয়াৰা নৈ সাঁতুৰি ভাৰতত প্ৰৱেশ বাংলাদেশী নাগৰিকৰ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰ : অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ সময়ত এক বাংলাদেশী নাগৰিকক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি উন্মুক্ত সীমান্তৰ কুশিয়াৰা নৈ সাঁতুৰি কৰিমগঞ্জ সীমাত প্ৰৱেশ কৰাত বাংলাদেশী যুৱকক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীৰ ১৬নং ব্যেটেলিয়ানে। ধৃত বাংলাদেশী যুৱকৰ পৰা উদ্ধাৰ কৰা হয় দুখন পৰিচয় পত্ৰ। এখনত প্ৰাণজিত ৰয় আৰু আন খনত তিমু বৌদ্ধ বুলি লিখা। ঘৰ বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ উপজিলাৰ সদৰপুৰ গাঁৱত। উল্লেখ্য যে কৰিমগঞ্জ চহৰৰ চাৰি কিলোমিটাৰ নদী সীমান্ত আজি ও উন্মুক্ত হৈ আছ। ২০০৯ চনত স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদত নিৰ্মাণ সংস্থা এন বি চি চি এ কাম বন্ধ কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰাই আজি ১৫ বছৰ ধৰি কোনো এখন চৰকাৰে আজি লৈকে কৰিমগঞ্জ চহৰৰ চাৰি কিলোমিটাৰ নদী সীমান্তত কাইটিয়া তাৰৰ বেৰা নিৰ্মাণ কৰিব পৰা নাই। ১৫ বছৰ ধৰি উন্মুক্ত হৈ আছে কৰিমগঞ্জ চহৰৰ চাৰি কিলোমিটাৰ নদী সীমান্ত। সেই উন্মুক্ত নদী সীমান্তৰে বাংলাদেশী প্ৰবজনৰ চেষ্টা চলাই যদিও বি এছ এফৰ ১৬নং ব্যেটেলিয়ানৰ তৎপৰাতাৰ বাবে সফল হব পৰা নাই। যোৱা নিশা প্ৰাণজিত ৰয়ে চহৰৰ উন্মুক্ত নদী সীমান্তৰে কুশিয়াৰা নৈ সাতুৰি ষ্টীমাৰ ঘাট এলেকাত প্ৰবেশ কৰোঁতে প্ৰেট্ৰলিংত থকা বি এছ এফৰ সদস্য দেখা পায়। লগে লগে দায়িত্বত থকা বি এছ এফৰ সদস্য সকলে নৈ খনলৈ দৌৰি গৈ যুৱক জনক ধৰি ষ্টীমাৰ ঘাট বিঅপি লৈ আনে।তাত সোধপোছ চলাই যুৱক জনৰ নাম প্ৰাণজিত ৰয় বুলি নিশ্চিত হয়।ঘৰ বাংলাদেশৰ ছিলেট জিলাৰ জকিগঞ্জ উপজিলাৰ সদৰপুৰ গাঁৱত বুলি বি এছ এফৰ সোধপোছত জনায়।কামৰ সন্ধানত ভাৰতত অবৈধভাৱে প্ৰবেশ কৰিছে বুলি বি এছ এফৰ সূত্ৰে জানিব পৰা গৈছে।বৰ্তমান যুৱক জনক বি এছ এফে কৰিমগঞ্জ আৰক্ষীক চমজায় দিয়ে। পিছে কিয় দুখন কৈ পৰিচয় পত্ৰ লৈ আহিছিল সেই বিষয়ে জানিব পৰা নাই। ইপিনে বি এছ এফে অনুসন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰাণজিতক সোধাপোছা চলাই আছে।

প্ৰেৰক অসীম দেব

You might also like