🟢ছত্তিশগড়ৰ দৰে দেশৰ ক’তো দুর্নীতিৰ উদ্ভাৱন হোৱা নাই।
🟢গংগা জলেৰেও শুদ্ধ নহয় ৱাঘেলৰ পাপ।
🟢ক্রিকেট মেচত ভাৰতে পাকিস্তানক হৰুৱালেও ৰাহুল গান্ধীয়ে টুইট এটাও নকৰে।
বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজিও ছত্তিশগড়ত নির্বাচনী প্রচাৰ চলায়৷ নির্বাচনী সভাত কংগ্রেছ দল আৰু ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলক আক্ৰমণৰ লক্ষ্য কৰি লয় ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মা বিজেপিৰ তাৰকা প্রচাৰক। ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলক ভ্রষ্টাচাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৱাঘেলে ছত্তিশগড়ত দুর্নীতিৰ বাবে যিমান উদ্ভাৱন কৰিছে দেশৰ আন কোনো স্থানতেই ইমান দুর্নীতি হোৱা নাই৷ মহাদেৱৰ নামত এপ উদ্ভাৱনৰ জৰিয়তে লুণ্ঠন, ধান ক্রয়ত লুণ্ঠন, সুৰা কেলেংকাৰিৰে লুণ্ঠনকে ধৰি প্রতিটো ক্ষেত্রতে ৱাঘেল চৰকাৰে কেৱল লুণ্ঠনেই কৰি আহিছে৷ এতিয়া ৱাঘেলৰ ভ্রষ্টাচাৰৰ কথা ক’লে তেওঁ আৰু কিমান ভ্রষ্টাচাৰী আছে সেই তালিকা দিয়ে৷ তেনে কার্যৰ জৰিয়তে ৱাঘেলে নিজৰ লগতে হিন্দুৰো বদনাম কৰিছে৷ ভূপেশ ৱাঘেলৰ পাপ গংগা জলেৰেও শুদ্ধ নহ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছট্টিশগড়ত সুৰাৰ দোকানীয়ে দুবিধ কৰ আদায় দিব লাগে৷ সুৰা বিক্রীৰ বাবে এবিধ কৰ ছট্টিশগড় চৰকাৰক আৰু এবিধ কৰ ভূপেশ ৱাঘেলক দিব লাগে৷ মহাদেৱৰ নামতো এপ খুলি ৱাঘেল চৰকাৰে লুণ্ঠন চলালে৷ শাসনত থকা সময়ত ৱাঘেল চৰকাৰে ৰাজ্যখনৰ গৰীব জনসাধাৰণৰ বাবে একো নকৰিলে কেৱল লুণ্ঠনেই চলালে৷ লোকসেৱাৰ চাকৰিতো ব্যাপক কেলেংকাৰি হ’ল৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনৰ পিছতেই ৱাঘেল জেললৈ যাব বুলি উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচন শেষ হোৱাৰ পিছতেই ৱাঘেলৰ ঘৰলৈ ইডি আহিব৷ এতিয়ালৈ ৱাঘেলৰ ঘৰলৈ ইডি অহা নাই৷ এয়া তেওঁৰ বাবে সুখৰ খবৰ৷ অন্য ৰাজনীতিক নেতা হোৱা হ’লে ইমানদিনে ইডি আহিলহেঁতেন৷ ৱাঘেলৰ দৰে আন কোনো ৰাজনীতিকক ইডিয়ে ইমান ‘কনছেচন’ দিয়া নাই৷ মহাদেৱ এপৰ জৰিয়তে ৫০৮ কোটি টকা লুণ্ঠনৰ বিষয়টো সম্পর্কতে ইডিয়ে তেওঁক জাননী জাৰি কৰিব৷ ছট্টিশগড় বিধানসভা নির্বাচনত এইবাৰ বিজেপি ক্ষমতালৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নতুন ভাৰতত বাবৰ–ঔৰংগজেৱৰ নাম নচলিব৷ মোল্লা বনাবলৈ কেতিয়াও চৰকাৰে টকা নিদিয়ে৷ নতুন ভাৰতত কেৱল ৰামৰ আদর্শ মতে সকলো চলিব লাগিব৷ ইপিনে, নির্বাচনী সভাত কংগ্রেছ নেতা ৰাহুল গান্ধীক তীব্র কটাক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুল গান্ধীয়ে মহব্বতৰ দোকান খুলিছে৷ মহব্বত মানে প্রেম৷ প্রেমৰ দোকান হ’ব নোৱাৰে৷ দোকানত লেনদেন চলে৷ প্রেমত লেনদেন নহয়৷ অথচ ৰাহুল গান্ধীয়ে কয়– তেওঁ প্রেমৰ দোকান খুলিছে৷ ৰাহুল গান্ধীৰ আচৰণ প্রত্যেকেই প্রত্যক্ষ কৰাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাহুলে সকলো সময়তে খঙাল যুৱক হিচাপে নিজকে দেখুৱাব বিচাৰে৷ সকলো ক্ষেত্রতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰা ৰাহুল গান্ধীয়ে ক’ভিডৰ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া ভেকচিন লৈ ঘূৰি ফুৰিছিল৷ ৰাহুল গান্ধীৰ ভাৰত প্রেম সম্পর্কতো তীর্যক মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ক্রিকেট মেচত ভাৰতে যেতিয়া পাকিস্তানক হৰুৱাই তেতিয়া কিন্তু ৰাহুল গান্ধীয়ে এই বিষয়ক লৈ টুইট এটাও নকৰে৷
#বাৰ্তা ডেস্ক