নিয়মীয়া বার্তা, ১৬ নবেম্বৰঃ ‘প্ৰতিটো জাতি-জনগোষ্ঠীৰেই সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ আছে। বৰ্তমান কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ একেবাৰে প্ৰতাৰিত জাতি হিচাপে চুতীয়া জাতি চিহ্নিত হৈছে। চৰকাৰৰ এনে প্ৰতাৰণা সদৌ অসম চুতীয়া ছাত্র সন্থাই কেতিয়াও সহ্য নকৰে আৰু আগন্তুক দিনত জাতিতোৰ প্ৰাপ্য অধিকাৰ আজুৰি আনিবলৈ আমি আমাৰ সাংগঠনিক ৰূপৰেখা সলনি কৰি জাতিৰ বাবে আগুৱাই যাবলৈ সদায় প্ৰস্তুত।’ আজি মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত জাতীয় চিন্তন বৈঠকত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সভাপতি মহেন বৰাৰ। ইয়াৰোপৰি লাঞ্চিত, অৱহেলিত চুতীয়া জাতিৰ ভৱিষ্যত কৰ্মপন্থা আৰু চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে চুতীয়া জাতিৰ সকলো লোককে নিঃস্বার্থ ভাৱে ওলাই আহিবলৈ আহ্বান জনাই সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই। আগন্তুক দিনত চুতীয়া জাতিৰ আটাইকেইটা সংগঠন একেলগ হৈ জাতিতোৰ হকে কাম কৰি যাব পৰা শক্তিশালী কৰ্মপন্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাই ছাত্র নেতাদ্বয়ে। আজি মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ উদ্যোগত লুইতপৰীয়া গাওঁ পঞ্চায়তৰ সভাগৃহত জিলাখনৰ প্রতিনিধি, বিষয়ববীয়া আৰু সদস্য- সদস্যাসকলৰ লগতে কেইবাটাও চুতীয়া জাতীয় সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জাতীয় চিন্তন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মন্টো বৰাই। উদেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক অংকুৰ চুতীয়াই। বৈঠকত আগন্তুক দিনত সদৌ অসম চুতীয়া ছাত্র সন্থাই শৈক্ষিৰ দিশত বিশেষ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ লগতে মাজুলী জিলাত বসবাস কৰা চুতীয়া জনগোষ্ঠীৰ সমূহ গাঁৱত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে চুতীয়া ছাত্ৰ সন্থাৰ শাখা সমিতি গঠন, মাজুলী জিলা সমিতিৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবৰ বাবে আঞ্চলিক সমিতিসমূহ পুনৰ গঠন কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ কৰ্মপন্থা গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে ২০২৪ বর্ষত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত জিলাই জিলাই গণ সমাবেশ অনুষ্ঠিত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ দিশত আলোচনা কৰাৰ লগতে প্রস্তাৱ আৰু সিদ্ধান্ত গ্রহণ কৰা হয়। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, উপ-সভাপতি লক্ষী বৰা, সাধাৰণ সম্পাদক ৰাজু চুতীয়া, সহ সম্পাদক দ্বয় ক্ৰমে ৰূপজ্যোতি বৰা, অৱন বৰা, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ কাৰ্যনিৰ্বাহক সদস্য উমেশ শইকীয়া, মাজুলী জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ খনিকৰ, বৰ্তমানৰ সভাপতি দ্বীগেন সেনাপতি, মাজুলী জিলা যুৱ সন্মিলনৰ সভাপতি পৰেশ সেনাপতি, মহিলা সন্মিলনৰ সভানেত্রী জুনুমনি বৰুৱা, সম্পাদিকা বন্তি সেনাপতি, মাজুলী জিলা চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লক্ষ্যজিত শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য প্ৰণৱ বৰাকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সভাত অংশগ্রহণ কৰে। উল্লেখ্য যে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি চুতীয়া জনগোষ্ঠী বসবাস কৰা ৰাজ্যৰ প্ৰতিখন জিলাতে চলিত বৰ্ষৰ ৮ নৱেম্বৰ তাৰিখৰ পৰা জাতীয় চিন্তন বৈঠক অনুষ্ঠিত কৰি জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ পৰিকল্পনা আৰু প্ৰাপ্য অধিকাৰ আজুৰি আনিবলৈ প্ৰতিজন চুতীয়া লোককে একত্রিত কৰি জাতীয় সংগ্ৰামখন আগুৱাই যোৱাৰ এক প্ৰয়াস বুলি সংগঠনতোৰ নেতৃত্বই জানিবলৈ দিয়ে। সভাৰ পূর্বে সদ্য প্ৰয়াত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য বিপুল চুতীয়াৰ আত্মাৰ সদগতিৰ অৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।
প্ৰেৰক ৰূপজ্যোতি বৰা