নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ কামৰূপৰ নগৰবেৰা থানাত অনুষ্টুপীয়াকৈ এক বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় ৷ নগৰবেৰা থানাৰ গাঁওৰক্ষী বাহিনীৰ অৱসৰপ্ৰাপ্ত সমন্বয়ক আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত থানাৰ ভাৰপ্ৰাপ্ত বিদায়ী আৰক্ষী বিষয়া মিৰেল আহমেদক ফুলাম গামোচা, কিতাপ, অভিনন্দন পত্ৰ, কলম, শৰাই, জাপি আদিৰে বিপুলভাবে বিদায় সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানতে যোগদান কৰি আনুষ্ঠানিকভাবে কাৰ্যভাৰ গ্ৰহণ কৰে নগৰবেৰা থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োই, উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নগৰবেৰা থানাৰ সহঃ আৰক্ষী বিষয়া কমল ডেকা, টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এলেক্স সোণোৱাল, নগৰবেৰা থানাৰ সহঃ আৰক্ষী বিষয়া জয়ন্ত গোস্বামী, নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধি, নগৰবেৰা বজাৰ কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ মেধি, অৱসৰপ্ৰাপ্ত সহকাৰী আৰক্ষী উপ পৰিদৰ্শক কুমুদ কলিতা আদি কৰি অঞ্চলটোৰ কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তিৰ উপৰি গাঁওৰক্ষী বাহিনীৰ সদস্যসকল উপস্থিত থাকে৷ উক্ত অনুষ্ঠানত ভাষণ আগবঢ়াই আৰক্ষী বিষয়া মিৰেল আহমেদে কয়- “অসমৰ ভিতৰত শান্তিপূৰ্ণ ঠাই নগৰবেৰা, সৰুৰে পৰাই নগৰবেৰাৰ নাম বাতৰি কাকত, ককা আইতাৰ পৰা শুনিছো কিন্তু সময়ৰ সোঁতত ইয়াতেই যে চাকৰি পাই কোনোবা দিন আহিব লাগিব সপোনতো ভৱা নাছিলোঁ৷ নগৰবেৰাৰ প্ৰতিজন মানুহেই শান্ত সহজসৰল মৰমীয়াল৷ আৰক্ষী বিষয়া হিচাপে নগৰবেৰাৰ বিভিন্ন অঞ্চলৰ সৰু-বৰ ঘটনাৰ সৈতে ইমান দিন সহবাস কৰিলোঁ ঠিকেই কিন্তু জানিবুজি কাকো মই অন্যায় কৰা নাই পাৰিলে সহায় হে কৰিছোঁ আৰু অসম আৰক্ষীৰ এয়া ধৰ্ম৷ আৰক্ষী চাকৰি খন্তেকীয়া চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই আমাক য’ত পঠাই তাতেই আমি যাবই লাগিব এয়াই স্বাভাৱিক”৷ কম সময়তে নগৰবেৰাবাসীৰ পৰা পোৱা মৰম আৰু ভালপোৱা সদায় মনত থাকিব বুলি তেওঁ কয় ৷ ইপিনে নগৰবেৰা আৰক্ষী থানাত যোগদান কৰিয়েই নৱ নিযুক্ত আৰক্ষী বিষয়া লাৱণ্য বড়োই কয়- নগৰবেৰা থানাত অতদিনে বাহৰ পাতি থকা দালাল সকললৈ -“টাটা বাই বাই” ৷ অসম আৰক্ষী আগতকৈ বহু গুনে স্মাৰ্ট গতিকে দালাল সকল সাৱধান ৷ “নগৰবেৰা প্ৰাকৃতিক সন্দৰ্যৰে ভৰপূৰ, ইয়াৰে মানুহ শিক্ষিত গতিকে সকলোৱে মোক সহায় সহযোগিতা কৰিব”৷ “নগৰবেৰাৰ প্ৰতিজনেই মোৰ অভিভাৱকস্বৰূপ আপোনালোকে সকলোৱে অসম আৰক্ষী এজন এজন সৈনিক হবলৈ চেষ্টা কৰক ৷ যিকোনো মূল্যৰ বিনিময়ত নগৰবেৰাত অপৰাধ আৰু দুৰ্নীতি মুক্ত হবই লাগিব ”৷ পৰাপক্ষত সকলোৱে শান্তি- শৃংখলাৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগে সৰু সৰু পাৰিবাৰিক মিছা কেচবোৰ লৈ কোনেও থানাত যাতে নাহে তাৰ বাবেও তেওঁ সকলোকে আহ্বান জনায় ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস