নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ ফুকন নগৰ স্মশান ঘাটৰ সমীপত দিখৌ নদীৰ পানী যুঁৱলিত আজি পুঁৱাতে এটা মৃতদেহ ওপঙি থকাৰ ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জীন্স পেন্ট পৰিহিত তল মুৱাকৈ পৰি থকা মৃতদেহটো যুৱকৰ বুলিয়েই স্থানীয় ৰাইজে সন্দেহ কৰিছে ৷ পুৱাৰ ভাগতেই নদীৰ পানী যুঁৱলিত মৃতদেহটো প্ৰতক্ষ্য কৰাৰ পিছতেই স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক অৱগত কৰে যদিও এই বাতৰি প্ৰেৰণ কৰা লৈকে মৃতদেহটো নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হোৱা নাই ৷ জানিব পৰা মতে নাজিৰাৰ দিশৰ পৰা উটি অহা মৃতদেহটো সমীপতে থকা মাছুৱৈৰ প্ৰকাণ্ড বান্ধত নিশা লাগি আছিল৷ পৰৱৰ্তী সময়ত সেই বান্ধৰ মাজৰ খালি অংশইদি মৃত দেহটো উটি অহা প্ৰায় এশ মিটাৰ নিলগৰ একেবাৰে বাম হৈ পৰা পানীৰ যুৱঁলিত লাগি ধৰে ৷সামান্য গোন্ধ বাহিৰ হোৱা সুঠাম যুৱক যেন লগা মৃত দেহটো দুই তিনিদিনৰ পুৰ্বৰ বুলিয়েই ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে বিভিন্ন পক্ষৰ যোগেদি আৰক্ষী প্ৰশাসনক এই সন্দৰ্ভদ অৱগত কৰাৰ পিছতো দুপৰীয়া বাৰ বজা পৰ্য্যন্ত মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ৷ উল্লেখ্য যে দিখৌ নদীৰ সেই স্থানত থকা ঘাটটোত প্ৰায় শতাধিক পৰিয়ালে দৈনিক কাপোৰ ধোৱাকে আদি কৰি বিভিন্ন কাম সম্পাদন কৰাৰ লগতে খোৱাৰ বাবেও সেই ঘাটটোৰ পৰা পানী সংগ্ৰহ কৰে৷ তেনেস্থলত প্ৰায় ছয় ঘন্টাৰ পিছতো আৰক্ষী প্ৰশাসনে পানীৰ যুঁৱলিৰ পৰা মৃতদেহটো উদ্ধাৰ নকৰাৰ ফলত স্থানীয় ৰাইজৰ ব্যাপক সমষ্যাৰ সৃষ্টি হৈছে ৷ সচেতন মহলে শীঘ্ৰে জিলা আৰক্ষী প্ৰশাসনক অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰি চিনাক্ত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান