নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত উঠিছে। লাহৰীঘাট প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী দুদিনীয়া কাৰ্যসূচীৰে নবেম্বৰ মাহৰ ২৫ আৰু ২৬ তাৰিখে অনুষ্ঠিত হব। বিদ্যালয়ৰ প্ৰাক্তন ছাত্র ছাত্রী সকল, বিদ্যালয়ৰ শিক্ষক গোট, হীৰক জয়ন্তী উদযাপন সমিতিৰ লগতে স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিকে আদি কৰি সকলোৱে নিজৰ দায়িত্বত উঠি পৰি লাগিছে হীৰক জয়ন্তীৰ কাৰ্যসূচী সফল কৰাৰ বাবে। সভাপতি চোৰহাব আলী, সম্পাদক ড০ আনোৱাৰ হুছেইন ৱাহিদ,সহকাৰী সম্পাদক ছফিকুল ইছলাম, স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ মূখ্য সম্পাদক ড০ মনিম শ্বাহ ৰহমান, মৃণাল কলিতা, বিদ্যালয় সচিব ফেৰদৌছ হুছেইনৰ লগতে উপ সমিতিৰ সকলো সদস্যই একাগ্রতাৰে দায়িত্ব পালন কৰা পৰিলক্ষিত হৈছে। দুদিনীয়া হীৰক জয়ন্তী উদযাপন কাৰ্যসূচীত জিলা প্ৰশাসন, স্হানীয় প্ৰশাসন আৰু অসম চৰকাৰৰ মন্ত্রী সভাৰ শিক্ষা মন্ত্ৰীৰ উপৰিও কবি সাহিত্যিক, লাহৰীঘাট আৰু ধিং সমষ্টিৰ বিধায়ককো উপস্থিত থাকিব বুলি আদৰণি সমিতিয়ে জানিব দিয়ে ।
প্ৰেৰক আবুল কালাম