বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰে প্ৰাথমিক বিদ্যালয়৷ প্ৰাথমিক বিদ্যালয়তে শিক্ষাৰ ভেটি স্থাপন হয় শিক্ষাৰ্থীসকলৰ৷ সেয়েহে প্ৰাথমিক বিদ্যালয়ত পঢ়া সময়টো ছাত্ৰ-ছাত্ৰীৰ বাবে এক মহত্ত্বপূৰ্ণ সময়৷ এই সময়ছোৱাতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অতি মনযোগৰে পঢ়া-শুনাত গুৰুত্ব দিব লাগে যাতে ভৱিষ্যত শিক্ষা জীৱনটো আগবঢ়াই নিয়াত অসুবিধাৰ সৃষ্টি নহয়।- এই মন্তব্য মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ৷ আজি শুৱালকুছিৰ আগশাৰীৰ প্ৰাথমিক বিদ্যালয় শুৱালকুছি সনাতন প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত বিদ্যালয় গৃহ এটি উদ্বোধন কৰি তেওঁ পুনৰ কয় যে এই বিদ্যালয়খনৰ এটা সুনাম আছে ৷ ইয়াৰ ছাত্ৰীসকলে পঢ়া শুনাত যথেষ্ট আগবঢ়া৷ এই বিদ্যালয়ৰ পৰা শিক্ষা শেষ কৰি যোৱা ছাত্ৰীসকলে উচ্চ মাধ্যমিক বিদ্যালয়তো ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে৷ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে বিদ্যালয়খনৰ শৈক্ষিক দিশটো সুন্দৰকৈ পৰিচালনা কৰাত তেওঁ ধন্যবাদ জনায় ৷ ভাষণত তেওঁ বিদ্যালয়খনৰ হব লগা মহাৰজত জয়ন্তী যাতে সুন্দৰকৈ অনুষ্ঠিত হয় তাৰ বাবে সকলোকে সহযোগিতা কৰাৰ আহ্বান জনায়৷ অনুষ্ঠানত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত জীৱন কৃষ্ণ গোস্বামী, বিদ্যালয় প্ৰধান শেৱালি বৈশ্য, পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত দাস প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য যে উক্ত বিদ্যালয় গৃহটি নিৰ্মাণৰ বাবে বিধায়কৰ আছুতীয়া পুঁজিৰ পৰা স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দহ লাখ টকা আগবঢ়াইছিল৷ ইয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকসকলে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে৷ গৃহটি নিৰ্মাণ হৈ উঠাত বিদ্যালয়খনৰ দীৰ্ঘদিনীয়া অভাৱ এটি পূৰণ হ’ল ৷
প্ৰেৰক দিলীপ মেধি