নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ শুভাৰম্ভ

অধিৱেশনস্থলীৰ পৰা মানস নাথ, ২১ নৱেম্বৰঃ এক উদুলি-মুদুলি পৰিৱেশৰ মাজতে আজিৰে পৰা মৰিগাঁৱৰ স্কুল খেলপথাৰ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত আৰম্ভ হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক কেন্দ্ৰীয় মৰিগাঁও অধিৱেশন৷ পুৱা ৯ বজাত ঐতিহাসিক তিৱা ৰাজদৰবাৰৰ সভাপতি জোৰচিং বৰদলৈয়ে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, আদৰণী সমিতি আৰু বিভিন্ন উপ-সমিতিৰ বিষয়ববীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু জিলা নেতৃত্বতৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰৰ মূলতোৰণ আনুষ্ঠানিকভাবে মুকলি কৰে৷ ইয়াৰ পিছতেই খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি-পুতুল শইকীয়া সোঁৱৰণী মুল মঞ্চ আৰু মণ্ডপ মুকলি কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লীলাকান্ত বৰঠাকুৰে৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ লীলাভূমি পাতেকীবড়ি থানৰ চ’ৰাঘৰৰ আৰ্হিত নিৰ্মিত অতিথি গৃহ মুকলি কৰি বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে নতুন প্ৰজন্মৰ ছাত্ৰ সমাজক মহাপুৰুষ গুৰুজনাৰে পৰিচয় কৰি দিয়া কাৰ্য্যৰ বাবে ছাত্ৰসন্থাৰ লগতে আয়োজক সমিতিক ভূয়সী প্ৰশংসা কৰে ৷ তেওঁ অসম আৰু অসমীয়াৰ স্বাৰ্থত আছুৰ বলিষ্ঠ কণ্ঠ সদায়েই অব্যাহত থকাৰ আহ্বান জনাই৷ বহু কেইটা সম্ভ্ৰান্ত প্ৰকাশন আৰু গ্ৰন্থ বিপনীয়ে অংশগ্ৰহণ কৰা স্থানীয় গান্ধীভৱন প্ৰাঙ্গণত অনুষ্ঠিত প্ৰয়াত প্ৰদীপ শইকীয়া সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমল চন্দ্ৰ নাথে ৷ মৰিগাঁও উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলী আৰু মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নবিন চন্দ্ৰ কোঁৱৰে উন্মোচন কৰে প্ৰয়াত দেবেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বানিজ্য মেলা আৰু খাদ্য মেলাৰ দ্বাৰ৷ ঐতিহ্যমণ্ডিত গান্ধীভৱন প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতা ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিষ্ণুপ্ৰসাদ উপাধ্যায়ে উদ্বোধন কৰাৰ লগতে পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত “মাতৃভাষা মাধ্যমৰ শিক্ষাই হৈছে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাঙ্গীণ বিকাশৰ সৰ্বোত্তম পথ” শীৰ্ষক ৰাজ্যিক ভিত্তিত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ৷ আনহাতে দুপৰীয়া প্ৰতিনিধি শিবিৰ আৰু আবেলি বিশাল ভোজনালয়ৰ দ্বাৰ মুকলি কৰে আদৰণি সমিতিৰ উপদেষ্টা দ্বয় হৰেন্দ্ৰ বৰা আৰু বিৰিঞ্চি কুমাৰ শৰ্মাই ৷ ইপিনে সহস্ৰাধিক প্ৰতিনিধিয়ে ভীৰ কৰিছেহি অধিবেশনস্থলীত৷ প্ৰতিনিধি সকলক মৰিগাওঁ চহৰৰ ১৪ খনকৈ শিক্ষানুষ্ঠানত স্থাপিত প্ৰতিনিধি শিবিৰত ৰখাৰ সু-ব্যৱস্থা কৰা হৈছে। এই পৰ্য্যন্ত ৰাজ্যৰ বহু কেইখন জিলাৰ শতাধিক ছাত্ৰী প্ৰতিনিধিৰ লগতে বিশেষকৈ ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰী প্ৰতিনিধি হিচাপে উপস্থিত হৈছে৷ বাতৰি লিখাৰ পৰলৈ ধেমাজী, চিৰাং, ওদালগুৰি, হাইলাকান্দি, মাজুলী, দক্ষিণ শালমাৰা, কাছাৰ, বজালী, লক্ষীমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়কে ধৰি দহখনৰো অধিক জিলা প্ৰতিনিধি আহি উপস্থিত হৈছে। আনহাতে শিৱসাগৰ, নলবাৰী, গোৱালপাৰা, যোৰহাটৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিনিধি আহি থকা বুলি আদৰণি সমিতি আৰু আছুৰ বিষয়ববীয়াই জনাইছে৷ আজি উপস্থিত হোৱা প্ৰতিনিধি সকলে মৰিগাঁও অধিবেশনৰ শৃংখলাবদ্ধতা আৰু মৰিগাঁওবাসীৰ আতিথ্যত আপ্লুত হোৱা বুলি প্ৰকাশ কৰিছে৷ আজি প্ৰথম দিনাৰ প্ৰতিটো কাৰ্য্যসূচী উদুলিমুদুলি পৰিবেশৰ মাজেৰে নিয়াৰিকৈ সমাপন হোৱাৰ কথা উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা আদৰণী সমিতিৰ সম্পাদক উৎপল শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সমগ্ৰবাসী ৰাইজৰ আৰ্শীবাদ কামনা কৰিছে৷ সন্ধিয়া অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে বিশিষ্ট শিল্পী অশোক ডেকাই ৷

You might also like