এতিয়া অসমত কিতাপৰ বতৰ৷ চৰকাৰৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইত গ্রন্থমেলা অনুষ্ঠিত হৈছে৷ পূর্বতে অকল গুৱাহাটীতেই অনুষ্ঠিত হোৱা এই গ্রন্থমেলাখনত অসমৰ পুথি প্রকাশকৰ বৃহৎ সংগঠনটিও সংযুক্ত হৈছে আৰু উভয়ৰ যৌথ প্রচেষ্টাত অসমত এই বৃহৎ গ্রন্থ উৎসৱ সম্ভৱ হৈ উঠিছে৷ এই উৎসৱে এতিয়া অসমৰ পৰিসীমা অতিক্রম কৰি গৈ কর্ণাটক পাইছেগৈ আৰু অসমীয়া কিতাপৰ এচাম আগ্রহী পাঠকক স্পর্শ কৰিছে৷ এটি কথা ঠিক যে অনলাইন ব্যৱস্থাৰ দ্রুত বিকাশৰ সময়ত অসমীয়া কিতাপৰ ব্যৱসায় অকল অসমতে সীমিত হৈ থকাৰ কোনো কাৰণ নাই৷ কিন্তু কিতাপৰ উৎসৱ অচল কিতাপৰ বিক্রীয়েই নহয়, ই হ’ল কিতাপৰ লগত জড়িত সকলো পক্ষৰ এক মিলনভূমি, মত বিনিময়ৰ এখন প্লেটফর্ম৷ এতিয়া অসমত কিতাপৰ উৎসৱ হৈছে, নতুন নতুন প্রকাশক আহি আছে, নতুন নতুন কিতাপ প্রকাশ হৈ আছে৷ কিন্তু একে সময়তে আন এটা কথাও গুৰুত্বপূর্ণ সুৰত আলোচনা হয়৷ সেই কথাটো হ’ল অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা ব্যাপক হাৰত কমি আহিছে৷ কথাটো সত্য৷ ইংৰাজী মাধ্যমৰ স্কুলৰ জনপ্রিয়তা বৃদ্ধিৰ লগে লগে অসমীয়া কিতাপৰ পাঠকৰ সংখ্যা কমি আহিছে৷ স্কুলৰ কিতাপৰ লগতে আন কিতাপ– পত্র পঢ়াৰ আগ্রহ গঢ় লৈ উঠাৰ বয়স হ’ল হাইস্কুলীয়া জীৱন আৰু সেই সময়খিনিতে যদি অসমীয়া ভাষাৰ পৰা দূৰৈত থাকে, তেনেহ’লে স্কুলীয়া ছাত্র–ছাত্রীসকলে অসমীয়া কিতাপৰ প্রতি আগ্রহী হৈ উঠাৰ কোনো ধৰণৰ সম্ভাৱনা নাথাকে৷ তাৰ লগে লগে পৰিয়ালটিৰ পৰাই অসমীয়া পঢ়াৰ আগ্রহ কমি গৈ থাকে৷ এনেদৰে অকল ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যা বৃদ্ধিকেই অসমীয়া কিতাপৰ পাঠক কমি যোৱাৰ কাৰণে দোষাৰোপ কৰি থাকিলে সমস্যাৰ সমাধান নহয়৷ ইংৰাজী মাধ্যমৰ আগ্রাসনৰ পিছতো যিখিনি অসমীয়া পাঠক ৰৈ গৈছে, সেইখিনি পাঠকৰ আগ্রহ বৃদ্ধি কৰাৰ বাবে যথেষ্ট কার্যক্ষম কৌশল হাতত লোৱা প্রয়োজনীয়৷ সমাজৰ সকলো ধৰণৰ বিকাশৰ কাম কৰিবলৈ চৰকাৰ দায়বদ্ধ৷ তেনেস্থলত অসমীয়া মানুহৰ অসমীয়া পঠন অভ্যাস বৃদ্ধি কৰাৰ কাৰণে চৰকাৰে উপযুক্ত পৰিকল্পনা গ্রহণ কৰা উচিত৷ গ্রন্থমেলাৰ বিকাশেৰে অসমীয়া কিতাপৰ বজাৰখনক উৎসাহিত কৰাৰ যি কার্যকৰী ব্যৱস্থা চৰকাৰে হাতত লৈছে, তেনেধৰণে পঠন অভ্যাস বৃদ্ধি কৰিবলৈ উপযুক্ত কার্যপন্থা হাতত লোৱা উচিত৷
অধ্যয়ন স্পৃহা অকল গ্রন্থ উৎসৱৰ সময়ত সৃষ্টি হোৱা কথা নহয়৷ অধ্যয়নৰ এটা ইচ্ছা থকা বাবে উৎসৱে সেই স্পৃহাক উত্তেজিত বা সক্রিয় কৰি তুলিব পাৰে৷ কিন্তু অসমৰ সকলো ঠাইৰে, বিশেষকৈ কিতাপৰ উৎসৱে স্পর্শ কৰিব নোৱৰা অঞ্চলৰ পাঠককো উৎসাহিত কৰিব পৰাটো চৰকাৰৰ দায়িত্ব হোৱা উচিত৷ অসমৰ সকলো মহকুমা সদৰতে চৰকাৰী পুথিভঁৰালৰ ব্যৱস্থা আছে, স্কুল–কলেজত নিজস্ব পুথিভঁৰাল আছে, গ্রামাঞ্চলত থকা বহু সংঘ আদিৰো পুথিভঁৰাল আছিল বা এতিয়াও আছে৷ এই পুথিভঁৰালবোৰক এতিয়াৰ পাঠকৰ উপযোগী কৰি গঢ়ি তুলিব পাৰিলেই অসমৰ মানুহৰ মাজত পঠন অভ্যাস বৃদ্ধি পাব৷ অধ্যয়নৰ উপযুক্ত বাতাৱৰণ আৰু সঠিক পঠন সামগ্রী দিব পাৰিলেই অধ্যয়নৰ এটি বাতাৱৰণৰ সৃষ্টি হোৱাত সহায় হ’ব৷ অধ্যয়ন এটি ব্যক্তিগত কাম৷ কিন্তু তাৰ এটি সামাজিক দিশো আছে৷ চৰকাৰে এই সামাজিক দিশটোৰ কথা চিন্তা কৰিব লাগে৷ সন্ধিয়া ওলাই আহি সাধাৰণ মুখৰোচক খাদ্য খোৱা নাগৰিকৰ কথা ভাবি চৰকাৰে ‘খাওগলি’ৰ ব্যৱস্থা কৰিছে৷ সেই একেই চৰকাৰে নাগৰিকৰ মানসিক খাদ্যৰ কথা চিন্তা নকৰিবনে? বর্তমানৰ শাসকীয় দল ভাৰতীয় জনতা পার্টীৰ শীর্ষ নেতা অমিত শ্বাহ ডাঙৰীয়াই পুথিভঁৰাল আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব প্রদান কৰিছে৷ ভাৰতৰ গৃহমন্ত্রীয়ে প্রয়োজনীয় বুলি চিন্তা কৰা এই অভ্যাস গঠন প্রতিষ্ঠানৰ কথা চৰকাৰে গুৰুত্ব সহকাৰে গ্রহণ কৰিব বুলি আশা কৰিব পাৰি৷