নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ এক অভিযানত আনুমানিক ৭০ লাখ টকাৰো অধিক বজাৰ মূল্যৰ সন্দেজনক হেৰ’ইন জব্দ হোৱাৰ সমান্তৰালকৈ এগৰাকী মহিলাকে ধৰি তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি বৈশ্য আৰু গৌৰীপুৰ চহৰ পৰিদৰ্শক বিকাশ প্ৰতিম মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপনে পূৰ্বৰ খাপপিটি আছিল। সেই সময়ত নিৰ্দেশ অমান্য কৰি পলাবলৈ চেষ্টা কৰে এখন বাহন আৰু বাহনখনক আৰক্ষীৰ দলটোৱে খেদি খেদি গৌৰীপুৰ থানা এলেকাৰ বাউসমাৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয়। এএছ ২৬/এফ৬৬৬৪ নম্বৰৰ সেই বাহনখনত এগৰাকী মহিলাকে ধৰি মুঠ তিনি যাত্ৰী থকা পায় আৰু বাহনখনত তালাচী চলাই ১০০ গ্ৰাম সন্দেহজনক হিৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে। বাহনখনত থকা ধৃত সেই ড্ৰাগছ সৰবৰাহকাৰীকেইজন বঙাইগাঁৱৰ বিদ্যাপুৰ অঞ্চলৰ বিশ্বজিৎ আলী, হৰ্ষজিৎ শেখ আৰু শেখৰ পত্নী আছমা খাতুন বুলি প্ৰকাশ। জানিব পৰা মতে তিনিও একেটা পৰিয়ালৰেই সদস্য।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like