নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকলীয়াঘাট থানাৰ এছআই ভাগ্যেশ্বৰ হাজৰিকাক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড

বিশেষ বাৰ্তা, ২২ নৱেম্বৰ : ২০১৮ বৰ্ষৰ এটা গোচৰ । দুৰ্ঘটনাত পতিত এখন বাইক মোকলাই নিবলৈ আৰু তাৰ পুলিচ ৰিপ’ৰ্ট নিবলৈ আহিছিল কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানা এলেকা নিৱাসী এক যুৱক। যুৱকজনক বকলীয়াঘাট থানাৰ তদানীন্তন উপ পৰিদৰ্শক ভাগ্যেশ্বৰ হাজৰিকাই দাবী কৰা ধনৰ তিনি হেজাৰ টকা দিবলৈ আহিছিল থানালৈ। ইপিনে, যুৱকজনে উপ পৰিদৰ্শকে ধন দাবী কৰা সন্দৰ্ভত অৱগত কৰিছিল দূৰ্নীতি নিৱাৰক শাখাক। নগদ তিনি হেজাৰ টকা যুৱকজনৰ পৰা লোৱাত বকলীয়াঘাট থানাৰ ভিতৰতে হাতে লোটে ধৰা পৰে তদানীন্তন উপ পৰিদৰ্শক ভাগ্যেশ্বৰ হাজৰিকা। লগে লগে অভিযানকাৰী দলটোৱে হাজৰিকাক আটক কৰি গুৱাহাটী কাৰ্যালয়লৈ লৈ যায়। আজি বিশেষ ন্যায়াধীশ আদালতে হাজৰিকা সন্দৰ্ভত চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে। উল্লেখ্য যে, বিচাৰ প্ৰক্ৰিয়াৰ অন্তত পি চি এক্টৰ ধাৰা ৭ আৰু ১৩ (ক)ত দোষী সাব্যস্ত হয় হাজৰিকা। আজি বিশেষ ন্যায়াধীশ আদালতে পি চি এক্টৰ ধাৰা ৭ত তিনি বছৰৰ কাৰাদণ্ডসহ সৰ্বোচ্চ ৪ বছৰ কাৰাবাস খাটিব লাগিব।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like