নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নাথাকিলে দেশখন বাবৰ-ঔৰংগজেবে চলালেহেঁতেন : ড০ হিমন্ত বিশ্ব শৰ্মা

🔴ৰাজস্থান-তেলেংগানাত অসমৰ মুখ্যমন্ত্রীৰ নির্বাচনী প্রচাৰ

🔴তেলেংগানাত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ছমাহৰ ভিতৰত অনা হ’ব ইউচিচি

🔴অসমত অহা ফেব্রুৱাৰীত বাজেট অধিৱেশনত আনিব বহু বিবাহ বন্ধৰ আইন

বিশেষ বাৰ্তা, ২৩ নৱেম্বৰঃ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ৰাজস্থান আৰু তেলেংগানাত নির্বাচনী প্রচাৰ চলায়৷ তেলেংগানাত নির্বাচনী প্রচাৰ অভিযানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ মুখ্যমন্ত্রী কে চি আৰে শাসনকালত যিমান দুর্নীতি কৰিছে, বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে সকলো দুর্নীতিৰ তদন্ত কৰা হ’ব৷ এয়া বিজেপিৰ প্রতিশ্রুতি৷ তেলেংগানাত বিজেপিৰ চৰকাৰ আহিলেই ছমাহৰ ভিতৰত ৰাজ্যখনত ইউনিফর্ম ছিভিল ক’ড (ইউচিচি) প্রৱর্তন কৰা হ’ব৷ ইউচিচি প্রৱর্তনেৰে বহুবিবাহ বন্ধ কৰি নাৰীক সুৰক্ষা প্রদান কৰা হ’ব৷ এই প্রসংগতে অসমৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণত কয় যে অহা ফেব্রুৱাৰী মাহত হ’বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত অসম চৰকাৰে বহুবিবাহ বন্ধৰ বাবে আইন আনিব৷ এই বিষয়ে মুছলমান মহিলাসকলক সোধাত সকলোৱে খুব ভাল হ’ব বুলি তেওঁক জনোৱাৰ উল্লেখ কৰি কয় যে দেশত আজি মানুহে বুজি উঠিছে৷ তুস্তিকৰণৰ ৰাজনীতি ভাল নহয়৷ কে চি আৰ চৰকাৰক সমালোচনাৰে থকাসৰকা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বিধানসভা নির্বাচনৰ সময়ত কে চি আৰে দিয়া প্রতিশ্রুতিসমূহৰ এটাও ৰূপায়ণ নকৰিলে৷ নিবনুৱাক চাকৰি নিদিলে৷ ভাষণত তেওঁ এআইএমআইএমৰ ওৱেছিৰ প্রসংগ উল্লেখ কৰি কয় যে হামাছৰ লগত যদি ওৱেছিৰ মৰম আছে, তেতিয়াহ’লে তেওঁ গাজালৈ গৈ যুদ্ধ কৰক৷ গাজাত গৈ তেওঁ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰক৷ ইপিনে ৰাজস্থানৰ নির্বাচনী প্রচাৰৰ আজি অন্তিম দিনটোত মুখ্যমন্ত্রী ড০ শর্মাই জয়পুৰকে ধৰি ৰাজ্যখনৰ কেইবাটাও স্থানত নির্বাচনী প্রচাৰ চলায়৷ ৰাজস্থানত হাইভ’ল্টেজ প্রচাৰ চলাই মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্রেছে দেশত মুছলমানৰ ৰাজনীতি কৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী অশোক গেহলটে তেওঁক হিন্দুৰ ৰাজনীতি কৰা বুলি কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই হিন্দুৰ ৰাজনীতি ভাৰতত নকৰি পাকিস্তানতকৈ কৰিম নেকি? তেওঁ আৰু কয় যে বিজেপি নাথাকিলে এই দেশ বাবৰ–ঔৰংগজেবে চলালেহেঁতেন আৰু সনাতন ধ্বংস কৰিলেহেঁতেন৷ এই ভাৰতবর্ষ সনাতনে বনাইছে৷ যেতিয়ালৈ বিশ্বত চন্দ্র–সূর্য থাকিব, তেতিয়ালৈ সনাতন থাকিব৷ ষ্টেলিনে সনাতন শেষ কৰিবলৈ, মল্লিকার্জুন সনাতন শেষ কৰিবলৈ কৰা মন্তব্যৰ আঁত ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁলোকে হিন্দু সনাতনক একো কৰিব নোৱাৰে৷ ভাৰতবর্ষত এতিয়াও এনে কিছু গাদ্দাৰ আছে যিয়ে ভাৰত–পাকিস্তান ক্রিকেট মেচত পাকিস্তান জিকিলে ফটকা ফুটায় বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

#বাৰ্তা ডেস্ক

You might also like