নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত প্ৰেমৰ বাবেই যুৱতীক তালিবানী শাস্তি

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰ : ৰূপহীহাটত প্ৰেমৰ এক ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে। ৰূপহীহাটৰ এগৰাকী যুৱতীয়ে প্ৰেম কৰাৰ বাবেই পৰিয়ালৰ লোকে ১৫ দিন ধৰি হাত-ভৰি শিকলিৰে বান্ধি তালিবানী শাস্তি প্ৰদান কৰা ঘটনাই অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, যুৱতীগৰাকীৰ এজন যুৱকৰে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু এই খবৰ পৰিয়ালৰ লোকে গম পোৱাত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰি যুৱতীগৰাকীক ঘৰৰ ভিতৰত আৱদ্ধ কৰি শিকলিৰে বান্ধি ৰাখিছিল ৷ যুৱতীগৰাকীক যোৱা ১৫ দিন বান্ধি ৰখাৰ খবৰ কিবা প্ৰকাৰে ওচৰ-চুবুৰীয়াই গম পাই ৰূপহীহাট আৰক্ষীক অৱগত কৰিছিল৷ যাৰ বাবে যোৱানিশা ৰূপহীহাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিকলিৰে বান্ধি ৰখা যুৱতীগৰাকীক উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like