নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ ৰাংগাপানীত দিবা-নৈশ ক্ৰিকেট খেল উদ্বোধন

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ কামৰূপৰ নগৰবেৰাৰ ৰাংঙ্গাপানীত আজি ৰাংগাপানী আঞ্চলিক ক্ৰিকেট সন্থাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰাংগাপানী ইছমাইল হুছেইন হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হয় দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা ৷ আজি মাংগলিক কাৰ্যসূচীৰে উক্ত খেল যৌথভাৱে উদ্বোধন কৰে ছমৰীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জুলি দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাংগাপানীস্থিত ইছমাইল হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মতিন সৰকাৰ।  অনুষ্ঠানত ৰাংগাপানী আঞ্চলিক ক্ৰিকেট সন্থাৰ সভাপতি সাগৰ আলী, সম্পাদক মেহেবুবুৰ ৰহমান, সহ সম্পাদক ছাদ্দাম হুছেইন, প্ৰচাৰ সম্পাদক তথা অঞ্চলটোৰ উদীয়মান যুৱক ছাইদুৰ ৰহমান, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ মুলুক চান বাবু, ইছমাইল হুছেইন হাইস্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলাম, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মতিন সৰকাৰ আদি কৰি অঞ্চলটোৰ কেইবাজনো গণ্যমান্য ব্যক্তিৰ উপৰি কেইবাশ ক্ৰিকেট প্ৰেমী লোক উপস্থিত থাকে ৷ উদ্বোধনী খেলখন নগৰবেৰা ক্ৰিকেট দল আৰু সোণতলী ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। ৰাংগাপানী ক্ৰিকেট সন্থাই জনোৱা মতে দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলত অসমৰ বিভিন্ন প্ৰান্তৰ কুৰিটাকৈ ক্ৰিকেট দলে ইতিমধ্যেই যোগদান কৰিছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like