পাকিস্তান ডাক বিভাগত দুৰৱস্থা; কাম কৰিবলৈও নাই কৰ্মচাৰী
নিয়মীয়া বাৰ্তা ২১ ফেব্ৰুৱাৰীঃ আৰ্থিক সংকটে জুৰুলা কৰিছে পাকিস্তানক । যাৰ ফলত দেশখনত ব্যাহত হৈ পৰিছে অতি অপৰিহাৰ্য ডাক সেৱাও ।
আৰ্থিক সংকটে কোঙা কৰা পাকিস্তানত এতিয়া ডাক বিভাগটো বৰ্তমান দিনক দিনে কৰ্মচাৰীৰ সংখ্যা কমি আহিছে । যাৰ বাবে সীমিত সংখ্যক কৰ্মচাৰীৰেই ডাক সেৱা অব্যাহত ৰাখিছে পাকিস্তানে ।
ইপিনে পাকিস্তানী মিডিয়াৰ এক তথ্য মতে পাকস্তান ডাক বিভাগত ৩১ হাজাৰ কৰ্মচাৰীৰ ভিতৰত প্ৰায় ৫ হাজাৰৰো অধিক পদ খালী হৈ আছে । যাৰ বাবে পাকিস্তানৰ সাধাৰণ লোকসকলে ডাক সেৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে ।