নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগিনীক বিচাৰি ২,০০০ কিলোমিটাৰ পথ অতিক্রম বাঘৰ

🔹 মিলন ঋতুত দুর্গম যাত্রাৰ পিছত উপস্থিত হ’ল ওড়িশাত

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : মহাৰাষ্ট্রৰ বিদর্ভৰ পৰা ওড়িশা৷ মাজত আৰু দুখন ৰাজ্য পাৰ হৈ মুঠ দুই হাজাৰ কিলোমিটাৰ পথ অতিক্রম কৰি উপস্থিত হ’ল এটা মতা বাঘ৷ পাৰ হ’বলগীয়া হ’ল বহু জলাশয়, কয়লাখনি, চাহ খেতি তথা অসংখ্য জনবসতি৷ কিন্তু কিয় ইমান দুর্গম যাত্রাত চামিল হ’ল এই বাঘটো৷ ধাৰণা কৰা হৈছে সংগিনীক বিচাৰি এই দীর্ঘ যাত্রা কৰিছে বাঘটোৱে৷ সাধাৰণতে এখন ৰাজ্যৰ পৰা অন্য ৰাজ্যত প্রৱেশ কৰা বাঘৰ সন্ধান পোৱা যায় বাঘটোৰ ডিঙিত থকা ৰেডিঅ’ কলাৰৰ পৰা ৷ কিন্তু এই বাঘটোৰ ডিঙিত তেনেধৰণৰ কোনো কলাৰ নাছিল৷ বিদর্ভৰ ব্রহ্মপুৰীৰ এই বাঘটোৱে কেৱল সংগিনীৰ সৈতে মিলিত হোৱাৰ বাবে এনেদৰে যাত্রা কৰা বুলি ধাৰণা কৰা হৈছে৷ লক্ষণীয়ভাৱে বহু জনবসতি অতিক্রম কৰি আহিছে যদিও কোনো লোকক আক্রমণ কৰা নাই বাঘটোৱে৷ বাঘটোৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিছে বিশেষজ্ঞসকলে৷ ধাৰণা কৰা হৈছে দিনৰ সময়ছোৱাত বিশ্রাম লৈ নিশা কিলোমিটাৰৰ পিছত কিলোমিটাৰ দৌৰিছে বাঘটোৱে৷ ইয়াৰ পূর্বে ছত্তিশগড়ৰ পৰা ওড়িশাত বাঘে প্রৱেশ কৰাৰ কথা জনা গ’লেও সুদূৰ বিদর্ভৰ পৰা ইমান দূৰ কোনো বাঘে ওড়িশালৈ যাত্রা কৰাৰ নজিৰ নাই৷ ২০২২ চনৰ পৰিসংখ্যা অনুসৰি ওড়িশাত বাঘৰ সংখ্যা মাত্র ২০৷ এনে পৰিস্থিতিত মতা বাঘটোৱে ওড়িশালৈ আহি বাঘবোৰৰ সৈতে সংযোগ গঢ়ি তুলি ওড়িশাৰ বাঘবোৰক দীর্ঘায়ু কৰাৰ বাবে কৰিড’ৰ নির্মাণৰ প্রয়োজনীয়তাকেই তুলি ধৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷ উল্লেখনীয় যে বাঘৰ মিলন ঋতুত দূৰ–দূৰণিৰ পৰা মতা বাঘবোৰে সংগিনীক বিচাৰি যাত্রা কৰে৷ বাংলাদেশৰ পৰা বিভিন্ন সময়ত এনেদৰে বাঘ আহি ভাৰতত প্রৱেশ কৰিছে৷ এইবাৰ দেশৰ ভিতৰতেই সেই ঘটনা ঘটা পৰিলক্ষিত হ’ল৷ ওড়িশাত এতিয়া বাঘটো নিৰাপদে থকা বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে৷

You might also like