নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনত ডুবাইলৈ নিনিলে ! স্বামীক ঘুচিয়াই হত্যা পত্নীৰ

🔹 পুনেৰ ঘটনাক লৈ তীব্র চাঞ্চল্য

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : পৃথিৱীৰ প্রাচীনতম যুদ্ধ দাম্পত্য কলহ৷ পতি–পত্নীৰ কাজিয়াই কেনে ৰূপ ধাৰণ কৰে, সেয়া কল্পনা কৰিব নোৱাৰি৷ শেহতীয়াকৈ পুনেত স্বামীক ঘুচিয়াই হত্যা কৰিলে পত্নীয়ে ৷ পত্নীয়ে জন্মদিন পালন কৰিবলৈ ডুবাইলৈ যোৱাৰ চিন্তা কৰিছিল৷ স্বামীক বাৰে বাৰে এই আবদাৰ কৰিছিল পত্নীয়ে৷ কিন্তু পত্নীৰ এই আবদাৰ বা অনুৰোধ ৰাখিব নোৱাৰিলে স্বামীয়ে৷ আনকি বিবাহ বার্ষিকীতো কোনো দামী উপহাৰ দিব নোৱাৰিলে স্বামীয়ে৷ ইয়াৰ বাবে ক্ষোভত ঘুচিয়াই স্বামীক হত্যা কৰিলে পত্নীয়ে৷ শুকুৰবাৰে এই মর্মান্তিক ঘটনা ঘটিছে পুনেত৷ ডুবাইৰ পৰিৱর্তে এতিয়া ৰঙাঘৰত থাকিবলগীয়া হৈছে মহিলাগৰাকী৷ পুনেৰ ৱানাবদি অঞ্চলৰ এক বিলাসী বাসগৃহত থাকে এই দম্পতী৷ অভিযুক্ত মহিলাৰ নাম ৰেণুকা আৰু মৃত ব্যক্তিৰ নাম নিখিল খান্না৷ নির্মাণ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল ৩৬ বছৰীয়া নিখিল৷ নিখিলতকৈ দুবছৰ ডাঙৰ ৩৮ বছৰীয়া ৰেণুকাই সঘনে দামী উপহাৰ বিচাৰি আছিল স্বামীৰ পৰা৷ এইবাৰ জন্মদিন ৰেণুকাই ডুবাইত পালন কৰাৰ চিন্তা কৰিছিল যদিও স্বামীয়ে সেই আশা পূৰণ নকৰিলে৷ গতিকে প্রচণ্ড জোৰেৰে ঘুচিয়াই স্বামীক হত্যা কৰে ৰেণুকাই৷

You might also like