নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংশৰত মাণিক চন্দ্ৰ কাকতি স্মাৰক গ্ৰন্থ ‘বংশৰৰ বৈভৱ’ উন্মোচন

বিশেষ বাৰ্তা, ২৬ নৱেম্বৰ : এসময়ৰ আধুনিক বংশৰ নিৰ্মাতাসকলৰ অন্যতম, বিশিষ্ট শিক্ষাবিদ, বংশৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা সমাজ গঢ়া খনিকৰ প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ জীৱন আৰু কৃতি, কৰ্মময় জীৱনৰ বৰ্ণিল সামাজিক শৈক্ষিক অৱদানৰ তথ্য সম্বলিত স্মাৰক গ্ৰন্থ ‘বংশৰৰ বৈভৱ’ৰ আজি শুভ উন্মোচন কৰে কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ মদনমোহন দাসৰ সভাপতিত্বত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত ‘বংশৰৰ বৈভৱ’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ বৈশ্য, বংশৰ অঞ্চলৰ সমাজহিতৈষী বগাৰাম বৈশ্যই প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ কৰ্মৰাজি আৰু বৰ্ণাঢ্য জীৱন কৃতি সম্পৰ্কে ভাষণ দিয়ে। ৰমেন ভৰালী আৰু নিত্যানন্দ নাথৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থ ‘বংশৰৰ বৈভৱ’ উন্মোচন কৰি শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই পৰিৱৰ্তনশীল সমাজ জীৱনৰ লগত একাত্মবোধ স্থাপন কৰি নিজৰ নাম সময়ৰ শিলালিপিত খোদিত কৰা প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ স্মৃতি ৰোমন্থন কৰি এনে ব্যক্তিসকলৰ জীৱনী গ্ৰন্থ প্ৰকাশ কৰিব লাগে আৰু পাঠক সমাজক পঢ়িবলৈ আহ্বান জনায়। ‘বংশৰৰ বৈভৱ’ উন্মোচন কৰি শিক্ষা বিষয়াগৰাকীয়ে বৰ্তমান সমাজ জীৱনৰ শিপাৰ সন্ধান কৰিবলৈও আহ্বান জনোৱাৰ লগতে আজিৰ নৱপ্ৰজন্মক আধ্যাত্মিক প্ৰজ্ঞাৰ সন্ধান দিবলৈ আহ্বান জনায়। স্মাৰক গ্ৰন্থ ‘বংশৰৰ বৈভৱ’ উন্মোচনৰ আগতে প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ বংশৰ আঞ্চলিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি তথা সমাজহিতৈষী, প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ কনিষ্ঠ পুত্ৰ দেৱেন্দ্ৰ নাথ কাকতিয়ে আৰু মাল্যাৰ্পণ কৰে প্ৰয়াত মাণিক চন্দ্ৰ কাকতিৰ কনিষ্ঠ বোৱাৰী বুলুপ্ৰভা কাকতিয়ে। স্মাৰক গ্ৰন্থ ‘বংশৰৰ বৈভৱ’ উন্মোচনী সভাৰ আঁত ধৰে ৰমেন ভৰালী আৰু নিত্যানন্দ নাথে। শলাগৰ শৰাই আগবঢ়ায় কনিষ্ঠ পুত্ৰ দেৱেন্দ্ৰ নাথ কাকতিয়ে।

You might also like