তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ সাংসদ পদ খাৰিজ
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰঃ প্ৰশ্ন কৰাৰ বিনিময়ত ধন লোৱাৰ অভিযোগত মহুৱা মৈত্ৰৰ সাংসদৰ সদস্যপদ বাতিল। এই সন্দৰ্ভত মৈত্ৰই প্ৰত্যুত্তৰ দি কয় যে এইটো এটা ষড়যন্ত্ৰৰ অংশ হিচাপে কৰা হৈছে। বিজেপিয়ে প্ৰত্যুত্তৰ দি কয় যে এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়। আজি লোকসভাত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰশ্ন কৰাৰ বিনিময়ত ধন লোৱাৰ অভিযোগত মৈত্ৰক বহিষ্কাৰৰ প্ৰস্তাৱ দাখিল কৰে। সদনে কণ্ঠ ভোটৰ জৰিয়তে অনুমোদন জনায়। বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই দাবী কৰিছিল যে আদানি গ্ৰুপৰ গোচৰত মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা প্ৰশ্ন কৰাৰ বাবে ধন আৰু ব্যয়বহুল উপহাৰ লৈছিল। ইয়াৰ পাছতে শপতনামাৰ জৰিয়তে হিৰণানন্দনীয়ে কয় যে মৈত্ৰই টকা লৈছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভাবমূর্তি কলংকিত কৰিবলৈ সংসদত প্রশ্ন কৰি আছে৷ সাংসদ বিনোদ কুমাৰ সোণকাৰৰ নেতৃত্বত গঠিত নৈতিকতা সমিতিয়ে মৈত্ৰক লোকসভাৰ পৰা অপসাৰণৰ পৰামৰ্শ দিয়ে। সদস্যপদ হেৰুৱাই মহুৱা মৈত্ৰই কয় যে মোৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই। তেওঁ কয় যে লোকসভাৰ নৈতিকতা সমিতিৰ প্ৰতিবেদনে সকলো নিয়ম ভংগ কৰিছে। অস্তিত্বহীন আচৰণ বিধি উলংঘা কৰাৰ বাবে মোক দোষী সাব্যস্ত কৰা হৈছে। নগদ ধন বা উপহাৰৰ কোনো প্ৰমাণ নাই, বিষয়টোৰ মূললৈ নোযোৱাকৈয়ে মোক দোষী সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছিল নৈতিকতা সমিতিয়ে।
#বাৰ্তা ডেস্ক