নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰত দুই লাখ যুৱক-যুৱতীলৈ দুই লাখ টকাকৈ প্ৰদান

✅মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল অভিযানৰ আবেদন প্রক্রিয়াৰ শুভাৰম্ভণি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

✅ৱেবপ’র্টেলত ২,২৯,১৪৫গৰাকীৰ নাম পঞ্জীয়ন

✅১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে উদ্যোগ প্রতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে কৰিছে বুজাবুজি চুক্তি

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ উদ্যমী যুৱক-যুৱতীক আত্মনির্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল অসম অভিযানৰ আবেদন দাখিলৰ প্রক্রিয়া৷ আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ আবেদন দাখিলৰ প্রক্রিয়াৰ শুভাৰম্ভ কৰে৷ জনতা ভৱনৰ পৰিসৰৰ লোকসেৱা ভৱনৰ সন্মিলন কক্ষত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই এই প্রক্রিয়াৰ শুভাৰম্ভ কৰি ঘোষণা কৰে যে ২০০জন উদ্যোগী যুৱক-যুৱতীক এই অভিযানৰ জৰিয়তে আত্মনির্ভৰশীল কৰি তোলাই নহয়, তেওঁলোকক একো একোজন মেনেজমেণ্ট গ্রেজুৱেট হিচাপেও গঢ়ি তোলা হ’ব৷ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক্ আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চলিত বর্ষৰ ২৩ ছেপ্ঢেম্বৰত মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল আঁচনিখন শুভাৰম্ভ কৰা হৈছিল৷ এই আঁচনিখনৰ জৰিয়তে দুবছৰত দুই লাখ যুৱক-যুৱতীক উদ্যমী জগতখনৰ বাবে প্রস্তুত কৰি তোলাৰ লক্ষ্য লোৱা হৈছে৷ এই যুৱক-যুৱতীসকলক্ আঁচনি অনুসৰি দুটা কিস্তিত দুই লাখ টকাৰ সাহায্য আগবঢ়োৱা হ’ব৷ প্রত্যক্ষ বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকক এক লাখ টকা আদায় দিয়াৰ পিছত আঁচনিখনৰ ৰূপায়ণ বা অগ্রগতিৰ ওপৰত ভিত্তি কৰি আন এক লাখ টকা তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে জমা কৰিব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে দুই লাখ যুৱক-যুৱতীক দুই লাখ টকাকৈ মুঠ ৪ হাজাৰ কোটি টকা আগবঢ়োৱা হ’ব৷ ইয়াৰে এক লাখ টকা ৰাজসাহায্য হিচাপে লাভ কৰিব৷ আনহাতে, যি এক লাখ টকা ঋণ হিচাপে থাকিব, সেই ঋণ ৫ বছৰ ব্যৱসায় সম্পূর্ণ কৰাৰ পিছত পৰৱর্তী ৫ বছৰত সুদবিহীনভাৱে তেওঁলোকে ওভতাই দিব লাগিব৷ দৰাচলতে উদ্যোগী যুৱক-যুৱতীসকলক এই সময়ছোৱাৰ ভিতৰত আর্থিকভাৱে সফল আৰু তেওঁলোকক বেংকৰ পৰা পুনৰ ঋণ পাবৰ বাবে সক্ষম কৰি তোলা হ’ব৷ ইয়াৰ ফলত ভাৰত চৰকাৰৰ বিত্তীয় প্রতিষ্ঠানৰ পৰা আন আন ঋণ লোৱাৰ বাবে তেওঁলোক উপযুক্ত হৈ থাকিব৷ উল্লেখ্য যে মুখ্যমন্ত্রী আত্মনির্ভৰশীল অসম অভিযানৰ বাবে ইতিমধ্যে ২,২৯,১৪৫গৰাকী যুৱক-যুৱতীয়ে ঋণৰ বাবে নাম পঞ্জীয়ন কৰিছে৷ ৰাজ্য চৰকাৰে নাম পঞ্জীয়ন কৰা যুৱক-যুৱতীসকলক তেওঁলোকৰ উদ্যমিতাৰ ওপৰত মূল্যায়ন কৰি প্রদান কৰিব দুই লাখ টকাৰ ঋণ৷ এইক্ষেত্রত প্রফেছনেল ডিগ্রী থকা উদ্যমী ২ লাখ ৫০ হাজাৰ টকা ঋণ হিচাপে প্রদান কৰা হ’ব৷ ইতিমধ্যে নাম পঞ্জীয়ন কৰা উদ্যমীসকলৰ ভিতৰত ১৫৯১জন প্রফেছনেল ডিগ্রী থকা যুৱক-যুৱতী আছে৷ এই যুৱক-যুৱতীসকলক্ ঋণ হিচাপে ২ লাখ ৫০ হাজাৰ টকা আৰু ৰাজসাহায্য হিচাপে ২ লাখ ৫০ হাজাৰ টকা মুঠ ৫ লাখ টকা প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রীগৰাকীয়ে আজি তেওঁৰ ভাষণত কয় যে ৰাজ্যত উদ্যোগীকৰণৰ বাতাৱৰণ ইতিমধ্যে গঢ়ি উঠিছে আৰু এই সময়ছোৱাত প্রায় ১০ হাজাৰ কোটি টকা বিনিয়োগৰ বাবে উদ্যোগ প্রতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে৷ ইয়াৰে প্রায় গোটেইকেইটা উদ্যোগে নির্মাণৰ পথত অগ্রসৰ হৈছে৷ ৰাজ্য চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্তত টাটা ইলেক্ট্রনিকছ লিমিটেডে ছেমি কণ্ডাক্টৰৰ এছেম্বলী আৰু পেকেজিঙৰ বাবে ৪০হাজাৰ কোটি টকা ব্যয় সাপেক্ষে জাগীৰোডত এটা ইলেক্ট্রনিক চেণ্টাৰ স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত আবেদন দাখিল কৰিছে৷ এই প্রতিষ্ঠানটো গঢ় লৈ উঠিলে অসমৰ প্রতিষ্ঠানটো স্থাপন হ’লে অসমৰ উদ্যোগীকৰণৰ ক্ষেত্রত এক নতুন পৰিৱেশৰ সৃষ্টি হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে প্রস্তাৱিত উদ্যোগটোত প্রশিক্ষিত মানৱ সম্পদৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি টাটা ইতিমধ্যে ১ হাজাৰ যুৱক-যুৱতীক প্রশিক্ষণেৰে প্রশিক্ষিত কৰি তুলিব বিচাৰিছে৷ আজিৰ অনুষ্ঠানত উদ্যোগ মন্ত্রী বিমল বৰাই অসমক দেশৰ ৫খন শীর্ষ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে মুখ্যমন্ত্রীৰ নিৰলস প্রচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰা, পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত দাস, পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্য, বিত্তমন্ত্রী অজন্তা নেওগ, জনস্বাস্থ্য কাৰিকৰী মন্ত্রী জয়ন্ত মল্ল বৰুৱা, ৰাজহ মন্ত্রী যোগেন মহন, বিধায়ক নৱ দলে, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে৷

#বাৰ্তা ডেস্ক

You might also like