নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী পীয়ূষৰ

বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ তামুলপুৰত আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰীকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে বিগত ৯ বছৰে প্ৰগতিৰ এক নতুন দিগন্ত অভিমুখে আগবাঢ়িছে বুলি মন্তব্য কৰে। লগতে মন্ত্ৰী হাজৰীকাই সকলো স্তৰৰ লোককে এই যাত্ৰাত চামিল হ’বলৈ আহ্বান জনায়। উল্লেখ্য যে তামুলপুৰৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অধীনৰ নিজ বেটনাত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে উপস্থিত হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত মন্ত্ৰী হাজৰীকাৰ লগতে বিধায়ক সুশান্ত বৰগোহাঁয়ো উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like