বিশেষ বাৰ্তা, ১১ ডিচেম্বৰঃ উৎকোচ লৈ পুনৰ হাত দাঙিলে লাটমণ্ডলে৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজহ বিভাগৰ কাম কাজসমুহ স্বচ্ছ আৰু নিকা কৰি তোলাৰ প্ৰয়াস অব্যাহত থকাৰ সময়তে বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ লাট মণ্ডল এজন আজি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰে ৷ ধৃত মণ্ডলজন সুধীৰ পাল ৷ বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ চাৰি নম্বৰ লাটৰ মণ্ডল সুধীৰ পালে এজন লোকৰ পৰা চাৰি হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে অভিযানকাৰী দলে হাতে-লোটে কৰায়ত্ত কৰে৷ কাৰ্যালয়ৰ চকীত বহি ধন লোৱাৰ মুহূৰ্ততে সুধীৰ পালক অভিযানকাৰী দলে কৰায়ত্ত কৰে৷ দিনৰ প্ৰায় দুই মান বজাত প্ৰায় সাত-আঠজনীয়া দলে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অভিযান চলাইছিল ৷ ভূমি সংক্ৰান্তীয় কাম-কাজৰ বাবদ সুধীৰ পালে উৎকোচ লোৱাৰ সময়তে দলটোৱে কাৰ্যালয়ৰ ভিতৰতে কৰায়ত্ত কৰে৷ জানিব পৰা মতে, বঙাইগাঁও ধলাগাঁৱৰ এই অভিযোগকাৰীয়ে দীৰ্ঘ দিন ধৰি মাটি-বাৰী সংক্ৰান্তীয় কামৰ বাবে কাৰ্যালয়টোত তাত বাটি কাঢ়ি ফুৰিবলগীয়া হৈছিল ৷ কিন্তু ধন অবিহনে কাম কৰি দিবলৈ ইচ্ছা প্ৰকাশ নকৰা মণ্ডলজনক উচিত শিক্ষা দিয়াৰ বাবে অভিযোগকাৰীয়ে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ সৈতে যোগাযোগ কৰে। সেইমতে অভিযানকাৰী দল কাৰ্যালয়ত উপস্থিত হৈ মণ্ডল সুধীৰ পালে টকা লোৱাৰ সময়তে হাতে লোটে ধৰা পেলায়। বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ লাট মণ্ডল আৰু বিষয়াই ধন নিদিলে কাৰ্যালয়টোৰ পৰা কোনো কামে আদায় কৰিবলৈ সক্ষম নহয়। মাটি কিনা বেচাৰ অনুমতি পত্ৰ, নামজাৰী, বাটোৱাৰা আদি যিকোনো মাটি বাৰী সংক্ৰান্তীয় কাম কাজৰ বাবে কাৰ্যালয়টোত কমিচন আদায় দিবলগীয়া হোৱাত সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসৰ সন্দেহজনক হৈ পৰিছে ৷ ইতিমধ্যে বঙাইগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰি আন্ত ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে মুখ্যমন্ত্ৰী কাৰ্যালয়ত অভিযোগ দাখিল কৰিছে৷
প্ৰেৰক উপানন্দ শৰ্মা