নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং অগ্ৰংগত সোমবাৰে নিশা অভিযান চলাই জব্দ কৰে ৭০ কাৰ্টন ভূটানী সুৰা । এক গোপন খবৰৰ ভিত্তিত বিজনী আৰু পাণবাৰী থানাৰ আৰক্ষীয়ে যৌথ অভিযানত নিশা ২নং অগ্ৰংগৰ বাসিন্দা মংগল মণ্ডলৰ ঘৰত অভিযান চলাই ঠাণ্ডাৰ ১৫০০০ ষ্ট্ৰং নামৰ ৭০ কাৰ্টন ভূটানী বীয়েৰ জব্দ কৰে। আৰক্ষীৰ অনুসন্ধানৰ পাছত পোহৰলৈ আহে যে জব্দকৃত বীয়েৰসমূহ সুৰা মাফিয়া প্ৰেম কুমাৰ মণ্ডলৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । পাছলৈ জব্দকৃত সুৰাসমূহ পাণবাৰী থানালৈ আনে আৰক্ষীয়ে । উল্লেখযোগ্য যে ২০২২ চনৰ ২৭ ছেপ্টেম্বৰত পাণবাৰী আৰক্ষীৰ অভিযানত এই সুৰা মাফিয়া প্ৰেম কুমাৰ মণ্ডলৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰা হৈছিল ।
প্ৰেৰক বৰ্ণালী তালুকদাৰ