নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত ৰাসথলীত লটাৰীকেন্দ্ৰিক কুৰুক্ষেত্ৰ

🔹 আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰিত

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : ৰাসত লটাৰী খেল পাতি নগৰবেৰাত কুৰুক্ষেত্ৰ, আধাতে লটাৰী খেল সামৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। টিকট কাটি খেলৰ ফলাফল নাপাই উত্তেজিত ৰাইজে লণ্ডভণ্ড কৰিলে লটাৰী খেলৰ বেৰিকেড, ডেস্ক-বেঞ্চ, প্লাষ্টিকৰ চকী আদি | সোমবাৰৰ সন্ধিয়া লটাৰী খেলখন অনুষ্ঠিত কৰা হৈছিল। খেল অনুষ্ঠিত হোৱাৰ কথা আছিল সন্ধিয়া ৮ বজাত। সেইমৰ্মে খেলৰ আয়োজনো কৰা হৈছিল। প্ৰথমতে সকলো ঠিকেই আছিল যদিও হঠাৎ অঘটন ঘটে | প্ৰথম পুৰস্কাৰৰ নম্বৰ কলহৰ পৰা গুটি উলিয়াই মিলাওতে শূন্য অংকক লৈ কিবা বিসংগতি ঘটে আৰু পাছলৈ খেল স্থগিত ৰখাৰ ঘোষণা কৰে পৰিচালনা সমিতিয়ে। পিছে ৰাইজে নুশুনে কমিটীৰ কথা। ৰাইজৰ মতে খেল অনুষ্ঠিত হ’বই লাগে নিশা দেৰিকৈ হ’লেও | কোনেও এৰিব নোখোজে খেলৰ স্থান। অৱশেষত কমিটীৰ স্থগিত ৰখাৰ ঘোষণা শুনি উত্তেজিত হৈ পৰে টিকট কটা সকলো লোক আৰু উত্তেজিত ৰাইজে ক্ষোভত লণ্ডভণ্ড কৰে লটাৰী খেলৰ বেৰিকেড, ডেস্ক-বেঞ্চ, চকী আদি | নগৰবেৰা আৰক্ষী থানাৰ আৰক্ষীয়ে পৰিস্থিতি কোনোমতে নিয়ন্ত্ৰণলৈ আনে যদিও যথে্ষ্ট উত্তপ্ত হৈ পৰে ৰাস ময়দান। আৰক্ষীয়ে মৃদু লাঠী চাৰ্জ কৰিবলগীয়া হয়। মঞ্চত শিল্পীৰ সংগীতানুষ্ঠানৰ হৈ-হাল্লা আৰু কোলাহলত ৰাসৰ অন্তিম নিশা বহু দেৰিলৈকে এক অনিয়ন্ত্ৰিত পৰিৱেশ পৰিলক্ষিত হয় নগৰবেৰা ৰাসত। লটাৰী খেলক কেন্দ্ৰ কৰি সংঘটিত হোৱা এই অঘটনে নিঃসন্দেহে লাঘৱ কৰিলে ৰাসৰ উন্মাদনা | স্মৰ্তব্য যে আজি আবেলি দুই বজাত পুনৰ খেলখন অনুষ্ঠিত হোৱাৰ যো-জা চলিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like