🔴তিনি শতাধিক প্ৰাক্তন আছুৰ বিজেপিত যোগদান
বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ আজি আছুৰ প্ৰাক্তন কেইবাশ যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁলোক সকলোকে বিজেপিলৈ আদৰণি জনাই সকলোৰে লগত কাম কৰি যাব বুলি কয়। দলক শক্তিশালী কৰিবলৈ কাম কৰিব বুলি উল্লেখ কৰি কয় যে আমি ৰাজ্যখনৰ বাবে কাম কৰিম, দেশৰ বাবে কাম কৰিম। আজি আমাৰ দলটোৰ বাবে ভাল খবৰ, এয়া সকলোৱে জানে। কিন্তু দলৰ ভাল খবৰ এইবাবেই যে দলে ভাল কাম কৰিছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে বা আমাৰ ৰাজ্যসমূহতো ৰাজ্যিক চৰকাৰসমূহে খুব ভাল কৰাৰ কাৰণে আমি এই ফলাফল লাভ কৰিছো। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মধ্যপ্ৰদেশত আমাৰ চৰকাৰ আছিলেই, ৰাজস্থানত আমাৰ চৰকাৰ নাছিল, ছত্তিশগড়ত আমাৰ চৰকাৰ নাছিল, তাত কংগ্ৰেছে কৰা অপশাসনৰ বাবে তাত কংগ্ৰেছ হাৰিছে, আৰু আমি জয়লাভ কৰিছো। মন্ত্ৰীগৰাকীয়ে কয় যে যদিও আজি আমাৰ ভাল দিন ৰাইজৰ প্ৰতি দায়বদ্ধ হ’বলৈকে আমি বাধ্য। নিৰ্বাচনত যেতিয়া আমি জয়লাভ কৰো, ৰাইজৰ প্ৰতি আৰু অধিক দায়বদ্ধ হৈ কাম কৰিবলৈকে প্ৰচেষ্টা চলাব লাগে। তেতিয়াহে দল আগবাঢ়ি যাব, ৰাজ্য বা দেশৰ অগ্ৰগতি হ’ব। সেই অনুসাৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰিছো আৰু ভৱিষ্যতলৈ কাম কৰি যাম। মন্ত্ৰীগৰাকীয়ে কয় যে আৰু বিভিন্ন দলৰ আৰু বহুকেইগৰাকী নেতাই বিজেপিত যোগদান কৰিবলৈ আগ্ৰহী বুলি উল্লেখ কৰে। এই তালিকা যথেষ্ট দীঘলীয়া বুলি উল্লেখ কৰি সময়ত এই তালিকা প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। যিসকল লোক জাতিৰ প্ৰতি দায়বদ্ধ, দেশৰ প্ৰতি দায়বদ্ধ তেনে লোকসকলক পৰ্যায়ক্ৰমে তেওঁ দলত যোগদান কৰাব বুলি কয়। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক পুনৰ তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ টিকট প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা লাখ টকা সংগ্ৰহ কৰি দুৰ্নীতি কৰি আছে। ২০০ প্ৰাৰ্থীৰ পৰা টিকট দিয়াৰ নামত দুই কোটি টকা সংগ্ৰহ কৰিব, এইটো তেওঁলোকৰ এটা ডাইৰেক্ট স্কেম।
#বাৰ্তা ডেস্ক