বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ মৰিয়নি নগৰৰ নিচেই গাতে লাগি থকা কাটনিবাৰী চাহ বাগিচাত আজি বিয়লি নাহৰফুটুকীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আহত হয়। চাহ বাগিচাখনৰ ৮নং চেকচনত কাম কৰি থকা অৱস্থাতে শ্ৰমিকজন নাহৰফুটুকীৰ আক্ৰমণৰ বলি হয়। কাটনিবাৰী চাহ বাগিচাৰ ৯নং লাইনৰ নিবাসী কেশৱ তাঁতী (৫৬ বছৰ) আন শ্ৰমিকৰ সৈতে বাগিচাখনত কাম কৰি আছিল। সেই সময়তে অতৰ্কিতে প্ৰকাণ্ড নাহৰফুটুকীটোৱে শ্ৰমিকজনক আক্ৰমণ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, নাহৰফুটুকীটোৱে শ্ৰমিকজনৰ ওপৰত কেবাবাৰো আক্ৰমণ চলায়। আনকি নাহৰফুটুকী আৰু শ্ৰমিকজনৰ মাজত বগৰাবগৰিও লাগে। শ্ৰমিকজনৰ চিঞৰ বাখৰ শুনি ওচৰত কাম কৰি থকা আন এজন শ্ৰমিক আগবাঢ়ি অহাৰ পিছতহে নাহৰফুটুকীটোৱে শ্ৰমিকজনক এৰি আঁতৰি যায়। পিঠি, হাত, বাহু আদি শৰীৰৰ কেবাঠাইতো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকজনক ততাতৈয়াকৈ মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা হয় যদিও চিকিৎসকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে, ভুক্তভোগী লোকজনৰ পৰিয়ালে আঘাতপ্ৰাপ্ত লোকজনক বন বিভাগে চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে, বাগিচাখনৰ শ্ৰমিকে উক্ত বাগিচাখনৰ পৰা নাহৰফুটুকীটো খেদাৰ ব্যৱস্থা কৰিবলৈ চাহ বাগিচাৰ কৰ্তৃপক্ষ আৰু বন বিভাগৰ প্ৰতি দাবী জনাইছে। উল্লেখযোগ্য যে, বাগিচাখনত নাহৰফুটুকীৰ আক্ৰমণত শ্ৰমিক আহত হোৱাৰ ঘটনা এইটোৱেই নহয়। ইয়াৰ পূৰ্বেও একাধিকবাৰ এনে ঘটনা সংঘটিত হৈছে। সম্প্ৰতি বাগিচাখনৰ শ্ৰমিকৰ মাজত আতংকই বিৰাজ কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া