নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২৩+ আসনেৰে দেশত পুনৰ এনডিএ চৰকাৰ

🟢টাইমছ নাও-ইটিজিৰ সমীক্ষা

🟢তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হ’ব নৰেন্দ্র মোদী

🟢বিৰোধী ঐক্য ‘ইণ্ডিয়া’ই লাভ কৰিব ১৬৩ আসন

🟢কংগ্রেছে লাভ কৰিব ৫২-৭২ আসন

বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰঃ একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মছনদ দখল কৰিব বিজেপি নেতৃত্বাধীন এনডিএয়ে৷ ২০২৪ চনৰ লোকসভা নির্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান টাইমছ নাও-ইটিজিয়ে চলোৱা প্রাক্ নির্বাচনী সমীক্ষাত বিজেপি নেতৃত্বাধীন এনডিএ তৃতীয়বাৰৰ বাবে দিল্লীত চৰকাৰ গঠন কৰিব৷ প্রাক্ নির্বাচনী সমীক্ষা মতে, ২০২৪ চনৰ লোকসভা নির্বাচনত বিপুল জয়েৰে এনডিএ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হ’ব৷ এনডিএয়ে ৩২৩খন আসন লাভ কৰাৰ সম্ভাৱনাই তৃতীয়বাৰৰ বাবে দিল্লী দখলৰ ইংগিত দিছে৷ আনপিনে বিৰোধী ঐক্য ‘ইণ্ডিয়া’ গোটে নির্বাচনত ১৬৩খন আসনতে সীমাবদ্ধ থাকিব৷ টাইমছ নাও-ইটিজিয়ে চলোৱা সমীক্ষাত বিজেপিয়ে অকলে প্রায় ৩০৮-৩২৮খন আসন লাভৰ সম্ভাৱনা আছে৷ আনহাতে বিৰোধী কংগ্রেছে মাত্র ৫২–৭২খন আসনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব৷ ১৮টা বিৰোধী দল ঐক্যবদ্ধ হৈ গঠন কৰা ইণ্ডিয়া গোটে ২০২৪ চনৰ লোকসভা নির্বাচনত ১৬৩খন আসনহে লাভ কৰিব৷ উল্লেখ্য যে ২০১৯ চনৰ তুলনাত বিজেপি নেতৃত্বাধীন এনডিএৰ আসন হ্রাস পাব৷ ২০১৯ চনত এনডিএ ৩৫৩খন আসন লাভ কৰিছিল৷ বিজেপিয়ে ৩৭.৭৬ শতাংশ ভোট লাভ কৰিছিল আৰু বিজেপি নেতৃত্বাধীন এনডিএয়ে ৪৫ শতাংশ ভোট লাভ কৰিছিল৷ দেশৰ মুঠ ৬০৩.৭ নিযুত ভোটদান হৈছিল৷ এই ভোটৰ ভিতৰত বিজেপি নেতৃত্বাধীন এনডিএয়ে ৪৫ শতাংশ ভোট লাভ কৰিছিল৷ আনহাতে বিগত লোকসভা নির্বাচনত কংগ্রেছে মাত্র ৫২খন আসন লাভ কৰিছিল৷ অহা নির্বাচনতো কংগ্রেছৰ অধিক লাভ হোৱাৰ সম্ভাৱনা ক্ষীণ৷ লক্ষণীয় যে অলপতে অনুষ্ঠিত হৈ যোৱা পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফলত বিজেপিয়ে ৩ ৰাজ্য ছত্তিশগড়, মধ্যপ্রদেশ আৰু ৰাজস্থানত চমকপ্রদ জয়লাভ কৰিছিল৷ বিধানসভা নির্বাচনৰ দৰেই বিজেপিয়ে হিন্দী বলয়ত দলটোৰ আধিপত্য লোকসভা নির্বাচনতো বর্তাই ৰাখিব বুলি সমীক্ষাত প্রকাশ পাইছে৷ বিজেপিৰ সফলতাৰ আঁৰত বহুতো কাৰক আছে যদিও ‘মোদী কী গেৰাণ্টী’কে অধিক কৃতিত্ব দিয়া হৈছে৷ সমীক্ষা মতে, ২০২৪ চনত বিজেপি নেতৃত্বাধীন এনডিএৰ একেৰাহে দিল্লীৰ চৰকাৰ গঠন কৰিলে একেৰাহে তৃতীয়বাৰৰ বাবেও প্রধানমন্ত্রী হ’ব নৰেন্দ্র মোদী৷

#বাৰ্তা ডেস্ক

You might also like