নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেছিৰ জার্ছী ৬৫ কোটিত বিক্রী

বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰ : লিঅ’নেল মেছিৰ বিশ্বকাপৰ জার্ছীৰ দাম উঠিল ৭৮ লাখ ডলাৰ৷ ভাৰতীয় মুদ্রাত ৬৫ কোটি টকা৷ ২০২২ চনৰ বিশ্বকাপ ফুটবলত চেম্পিয়ন আর্জেণ্টিনাৰ মেছিয়ে পৰিধান কৰা ৬টা জার্ছী বৃহস্পতিবাৰে নিউয়র্কত নিলাম কৰা হয়৷ বিশ্বকাপ ফাইনেলৰ প্রথমার্ধত মেছিয়ে পিন্ধা এটা জার্ছী নিলাম কৰিছিল নিলাম প্রতিষ্ঠান ছাউথবে ৷ বাকী জার্ছীসমূহ বিশ্বকাপ বিজয়ী আর্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে পিন্ধিছিল ছেমিফাইনেল, কোৱার্টাৰ ফাইনেল, প্রি–কোৱার্টাৰ ফাইনেল আৰু গ্রুপ পর্যায়ৰ দুখন মেচত৷ যোৱা ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল অনলাইন নিবিদা৷ বৃহস্পতিবাৰ আছিল শেষ দিন৷ নিলামত ছাউথবেই নির্ধাৰণ কৰা মূল্যতকৈ অধিক দৰত বিক্রী হয় জার্ছীকেইটা৷ নিলামৰ পৰা ধনৰ এটা অংশ ইউনিকাষ্ট প্রকল্পলৈ আগবঢ়োৱা হ’ব বুলি এই নিলামৰ অন্যতম পৰিচালক ব্রাহাম ৱাছাৰে জানিবলৈ দিছে৷ লিঅ’নেল মেছি ফাউণ্ডেচনৰ সহযোগত বার্ছিলোনাৰ এখন শিশু চিকিৎসালয়ৰ দ্বাৰা পৰিচালিত এই প্রকল্পটো৷ এই প্রকল্পত মূলতঃ বিৰল ৰোগত আক্রান্ত শিশুক চিকিৎসা কৰা হয়৷ উল্লেখ্য যে আর্জেণ্টিনাৰ কিংবদন্তি ডিয়েগ’ মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ মেচৰ জার্ছীটো এতিয়ালৈকে সর্বাধিক বিক্রী হোৱা ফুটবলৰ জার্ছী হিচাপে পৰিগণিত হৈ আছে৷ যোৱা বছৰ তেওঁৰ মৃত্যুৰ পিছত এই জার্ছীটো ৯২ লাখ ডলাৰত (ভাৰতীয় মুদ্রাত প্রায় ৭৪ কোটি ১০ লাখ) বিক্রী হৈছিল ৷

You might also like