পৰাজয়োত্তৰ পাৰ্শ্বক্ৰিয়া : মধ্যপ্ৰদেশ-ছত্তিশগড়ত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সলনি
বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত পৰাজয়ৰ পিছত কংগ্ৰেছে সংগঠনটোত বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। মধ্যপ্ৰদেশ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা কমল নাথক অপসাৰণ কৰি জিতু পাটোৱাৰীক নতুন সভাপতি হিচাপে নিযুক্তি দিয়ে। আনহাতে উমাং সিংহাৰক বিৰোধী দলপতিৰ দায়িত্ব দিয়া হৈছে আৰু হেমন্ত কাটানেক বিৰোধী দলৰ উপ-নেতাৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ আগতে গোবিন্দ সিং বিৰোধীৰ নেতা আছিল। পাটোৱাৰী আৰু উমাং দুয়োকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথ আৰু দিগ্বিজয় সিঙৰ বিৰোধী শিবিৰৰ বুলি গণ্য কৰা হয়। মধ্যপ্ৰদেশৰ নিৰ্বাচনত পৰাজয়ৰ পিছৰে পৰা দলটোৱে ডাঙৰ পৰিৱৰ্তন কৰিব বুলি চৰ্চা চলিছিল। কংগ্ৰেছৰ প্ৰাক্তন বিধানসভা অধ্যক্ষ চৰণ দাস মহন্তক ছত্তিশগড়ত বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিছে। ৰাজ্যৰ সভাপতি হিচাপে ৰখা হৈছে দীপক বৈজক। বিশেষ কথাটো হ’ল ছত্তিশগড়ত বিজেপিৰ জনজাতীয় মুখ্যমন্ত্ৰী কাৰ্ডক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে জনজাতীয় সমাজৰ পৰা বিৰোধী নেতা আৰু ৰাজ্যিক সভাপতি দুয়োটাকে বনাইছে।
#বাৰ্তা ডেস্ক