নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যোগপতি সজ্জন জিণ্ডালৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ অভিনেত্রীৰ

বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : জিণ্ডাল গোষ্ঠীৰ কর্ণধাৰ উদ্যোগপতি সজ্জন জিণ্ডালৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ উঠিছে৷ বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন অনুসৰি, যোৱা বুধবাৰে মুম্বাইৰ বিকেছি থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলাই৷ এই মহিলাগৰাকী পেছাত অভিনেত্রী বুলি জানিব পৰা গৈছে৷ অভিযোগ অনুসৰি, মহিলাগৰাকীক ২০২২ চনৰ জানুৱাৰী মাহত ধর্ষণ কৰিছিল সজ্জন জিণ্ডালে৷ বান্দ্রা–কুৰলা কমপ্লেক্সত থকা জিণ্ডাল গোষ্ঠীৰ মুখ্য কার্যালয়ৰ পানশালাত মহিলাগৰাকীক ধর্ষণ কৰা হৈছিল বুলি অভিযোগ অনা হৈছে৷ মহিলাগৰাকীয়ে এই কথাও উল্লেখ কৰে যে চলিত বর্ষৰ আৰম্ভণিতে তেওঁ থানাত অভিযোগ দাখিল কৰিবলৈ গৈছিল যদিও আৰক্ষীয়ে তেওঁৰ কথাত গুৰুত্ব নিদিলে৷

You might also like