কেনে আছে ডাউদ ! জনালে গেংষ্টাৰ ছোটা শ্বাকিলে
বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰ : মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড ডাউদ ইব্ৰাহিমক বিহ সেৱন কৰাই হত্যাৰ চেষ্টা কৰাৰ খবৰ ভিত্তিহীন। ডাউদৰ ঘনিষ্ঠ সহযোগী ছোটা শ্বাকিলে এই দাবী কৰি কয় যে তেওঁ জীয়াই আছে আৰু সুস্থ হৈ আছে। গেংষ্টাৰ শ্বাকিলে কয়- ‘ডাউড জীয়াই আছে আৰু সম্পূৰ্ণ সুস্থ অৱস্থাত আছে। ভুৱা বাতৰি দেখি আচৰিত হৈছোঁ। কালি তেওঁক কেইবাবাৰো লগ পাইছিলো।’ মুম্বাইত সংঘটিত ধাৰাবাহিক বোমা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ডাউদ ইব্ৰাহিমক বিষক্ৰিয়াৰ বাবে কৰাচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জনা গৈছিল। সমগ্ৰ চিকিৎসালয়খন কটকটীয়া নিৰাপত্তাৰ মাজত আবদ্ধ হৈ পৰিছে। প্ৰশ্নটো হৈছিল- ডাউদক হত্যা কৰাৰ চেষ্টা কৰা হৈছিল নেকি? অৱশ্যে এই খবৰটোক ভিত্তিহীন আখ্যা দিয়ে ছোটা শ্বাকিলে।