নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰকৃতিৰ ক্ৰোধত চীনত ১১১জনৰ প্ৰাণহানি

🔹 ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২

বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰ : চীনক এক ভয়ংকৰ ভূমিকম্পই জোকাৰি গ’ল। প্ৰকৃতিৰ এই ভয়ানক ক্ৰোধত কমেও ১১১জন লোকৰ মৃত্যু হৈছে। জানিব পৰা মতে, সোমবাৰে গভীৰ নিশা উত্তৰ-পশ্চিম চীনৰ গানছু আৰু কিংহাই প্ৰদেশ কঁপাইছিল এই ভূমিকম্পই। চীনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৬.২। ফলত বহু মহলীয়া ঘৰ তাচপাতৰ ঘৰৰ দৰে খহি পৰে। দুয়োখন প্ৰদেশত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১১১জন। এই ভূমিকম্পত বহু লোক আহত হৈছে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ কাম আৰম্ভ কৰিছে উদ্ধাৰকাৰীয়ে। চীনৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি কেৱল গানছু প্ৰদেশতে ১০০জন লোকে প্ৰাণ হেৰুৱাইছে। ভূমিকম্পৰ ফলত আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন হয়। ৰাষ্ট্ৰপতি ঝি জিনপিঙে এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ সকলো শক্তি নিয়োগ কৰিবলৈ বাৰ্তা প্ৰদান কৰিছে। তেওঁ ক্ষতিগ্ৰস্ত গানছু আৰু কিংহাই প্ৰদেশৰ বিষয়াসকলক ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। উদ্ধাৰ অভিযানত যাতে কোনো ত্ৰুটি নৰয়, তাৰ বাবেও ঝিয়ে বাৰ্তা প্ৰদান কৰে।

You might also like